অতি বেঙুনীয়া ৰশ্মি, প্ৰদূষণ, আৰ্দ্ৰতাৰ দৰে পৰিৱেশৰ চাপৰ ফলত ছালৰ বয়স বৃদ্ধি ত্বৰান্বিত হোৱাৰ লগে লগে স্বাস্থ্য বিশেষজ্ঞসকলে পুষ্টিক এক শক্তিশালী সমাধান হিচাপে আঙুলিয়াই দিছে। ভাৰতৰ এগৰাকী প্ৰখ্যাত ছাল আৰু প্ৰসাধন বিশেষজ্ঞ ডাঃ গীতিকা মিট্টালে পাঁচবিধ এণ্টি-এজিং চুপাৰফুড চিনাক্ত কৰিছে, যিয়ে যৌৱন, উজ্জ্বল ছাল বজাই ৰখাত সহায় কৰিব পাৰে।
ডাঃ মিট্টালে কয় যে ছালৰ পুষ্টিৰ কাম-কাজ ভিতৰৰ পৰাই আৰম্ভ হয়। ডাঃ মিট্টালে দৈনিক আহাৰত আলমণ্ড, ছালমন(মাছ), মিঠা আলু, টেঙাজাতীয় ফল, দৈ আদি অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। আলমণ্ডত ভিটামিন ই আৰু স্বাস্থ্যকৰ চৰ্বি থাকে যিয়ে ছালৰ ৰং উন্নত কৰে আৰু অতি বেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰে। অ’মেগা-৩ ফেটি এচিডযুক্ত ছালমনে ছালখনক হাইড্ৰেট কৰাৰ লগতে ক’লাজেন উৎপাদন বৃদ্ধি কৰে। মিঠা আলুৱে ভিটামিন চি আৰু ইৰ দৰে এণ্টিঅক্সিডেন্ট প্ৰদান কৰে, আনহাতে টেঙাজাতীয় ফল ভিটামিন চিৰ শক্তিশালী শক্তি, যিয়ে ক’লাজেন সংশ্লেষণত সহায় কৰে। দৈয়ে ছালখন টান আৰু সতেজ কৰি তুলিবলৈ লেক্টিক এচিড আৰু বি ভিটামিন প্ৰদান কৰে।
গুৱাহাটীৰ স্থানীয় বজাৰত জৈৱিক আলমণ্ড, সতেজ চালমন(মাছ) আৰু টেঙাজাতীয় ফলৰ নতুন বিকল্পৰ চাহিদা নিৰন্তৰ বৃদ্ধি পোৱাৰ লগে লগে স্বাস্থ্যৰ প্ৰতি সচেতন গ্ৰাহকসকলে এই ছুপাৰফুডসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। স্বাস্থ্যখণ্ডৰ খুচুৰা বিক্ৰেতাসকলে পুষ্টি সমৃদ্ধ আৰু শৰীৰৰ ছাল-অনুকূল খাদ্যৰ প্ৰতি অগ্ৰাধিকাৰৰ পৰিৱৰ্তন লক্ষ্য কৰিছে, যি সন্তুলিত পুষ্টিৰ জৰিয়তে সৌন্দৰ্যৰ প্ৰতি বৰ্ধিত সজাগতা প্ৰতিফলিত কৰে।
