অবৈধ বেহাৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাই হৈছে মূল চাবিকাঠি, পিএমআইৰ বিষয়াৰ মন্তব্য

141

এছিয়াৰ নিৰাপত্তা: নকল বিৰোধী, ট্ৰেডমাৰ্ক আৰু ব্ৰেণ্ড সুৰক্ষা সন্মিলনত এক শক্তিশালী ভাষণ প্ৰদান কৰি ফিলিপ মৰিছ ইণ্টাৰনেচনেল(পিএমআই)ৰ অবৈধ বাণিজ্য প্ৰতিৰোধৰ মুৰব্বী ৰডনি ভেন ডুৰেনে অবৈধ বেহাৰ বিৰুদ্ধে যুঁজ দিয়াত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যোৱা ২৩-২৪ জুলাইত নতুন দিল্লীত অনুষ্ঠিত এই সন্মিলনত ব্ৰেণ্ডসমূহৰ মালিক, নিয়ন্ত্ৰক, আইন প্ৰৱৰ্তনকাৰী, নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰি অবৈধ বেহা আৰু জালিয়াতিৰ বিৰুদ্ধে বিভিন্ন ৰণকৌশলৰ বিষয়ে আলোচনা কৰা হয়।


ভেন ডুৰেনে এই বিষয়ত জোৰ দি কয় যে, কেৱল নিষেধাজ্ঞাই পৰ্যাপ্ত নহয় আৰু শক্তিশালী নিয়ন্ত্ৰণ আৰু প্ৰৱৰ্তন অপৰিহাৰ্য। ডুৰেনে লক্ষ্য কৰিছে যে, বিশ্বৰ চিগাৰেট সেৱনৰ প্ৰায় ১২%ই অবৈধ, যাৰ ফলত চৰকাৰসমূহে কৰ হেৰুৱাই আহিছে আৰু ৪০.৫ বিলিয়ন ডলাৰৰো অধিক ক্ষতিগ্ৰস্ত হৈছে। ভাৰতত সেৱন কৰা প্ৰায় চাৰিটা চিগাৰেটৰ ভিতৰত এটা চিগাৰেট অবৈধ, যাৰ ফলত প্ৰায় ২ বিলিয়ন ডলাৰৰ কৰৰ লোকচানৰ সন্মুখীন হৈ আহিছে ভাৰতে। অবৈধ চিগাৰেট ব্যৱসায়ৰ জটিলতাৰ ওপৰত আলোকপাত কৰি ধঁপাত ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি ব্যস্ত চহৰলৈকে বিস্তৃত এক বিশ্বব্যাপী নেটৱৰ্ক বুলি অভিহিত কৰে। পিএমআইৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰি ভেন ডুৰেনে কোম্পানীটোৱে গৱেষণা, চোৰাংচোৱা আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিভিন্ন দিশৰ ৰূপৰেখা দাঙি ধৰে। এই আন্তঃৰাষ্ট্ৰীয় বিষয়টো ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ বৰ্তমানৰ বাণিজ্যিক চুক্তিসমূহৰ লাভ উঠাবলৈ আৰু সমগ্ৰ ‘আছিয়ান’ত বিধিসমূহৰ সমন্বয় সাধনৰ পোষকতা কৰে ডুৰেনে।


এই কনফাৰেন্সখনে শিলচৰৰ দৰে বজাৰত পৰা অবৈধ ব্যৱসায়ৰ প্ৰভাৱৰ ওপৰতো আলোকপাত কৰিছে, য’ত নকল আৰু চোৰাং সামগ্ৰীয়ে স্থানীয় ব্যৱসায় আৰু কৰ্তৃপক্ষৰ বাবে গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। সন্মিলনখনত সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে ইতিবাচক অন্তৰ্দৃষ্টি আৰু ৰণনীতি ভাগ-বতৰা কৰিছিল যাতে অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে একত্ৰিত পদক্ষেপৰ প্ৰয়োজনীয়তা আৰু অধিক স্পষ্ট হৈ পৰে।