জিচিপিএলে তামিলনাডুত মুকলি কৰিলে প্ৰথমটো সংহত গ্ৰীণফিল্ড প্লাণ্ট মুকলি কৰে

22

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ তামিলনাডুৰ ৰাজধানী চেন্নাইৰ ওচৰৰ চেংগালপট্টু জিলাত নিজৰ প্ৰথম একত্ৰিত গ্ৰীণফিল্ড প্ৰকল্প মুকলি কৰিছে। নতুন প্ৰকল্পটো উদ্বোধন কৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু এম কে ষ্টালিন, গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ অধ্যক্ষ নাদিৰ গড্ৰেজ আৰু গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ এমডি তথা মুখ্য কাৰ্যবাহী বিষয়া সুধীৰ সীতাপতিয়ে। এই প্ৰকল্পটোৱে মুখ্যমন্ত্ৰী থিৰু এম কে ষ্টালিনৰ দ্বাৰা উৎপাদনকাৰ্যৰ আনুষ্ঠানিক সক্ৰিয়কৰণৰ জৰিয়তে আনুষ্ঠানিকভাৱে কাম আৰম্ভ কৰে, যিয়ে প্ৰথম উৎপাদন কাৰ্যৰ শুভাৰম্ভণি কৰে। ইয়াৰ প্ৰথমটো সামগ্ৰীৰূপে চিন্থল অৰিজিনেল চাবোন বাৰ প্ৰস্তুত হয়, যি প্ৰকল্পটোৰ শুভাৰম্ভণিৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ অধ্যক্ষ নাদিৰ গড্ৰেজে এই পদক্ষেপৰ বিষয়ে সদৰি কৰি কয় যে, “চেংগালপট্টু উদ্যোগ কেন্দ্ৰটোৱে গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছৰ উৎপাদনৰ ভৱিষ্যৎ গঢ় দিয়াৰ অদম্য প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে থিয় দিছে, য’ত উদ্ভাৱন, বহনক্ষমতা আৰু অন্তৰ্ভুক্তিক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰা হৈছে।” তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু এম কে ষ্টেলিনে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, ‘তামিলনাডুৱে সদায় কৌশলগত বিনিয়োগ, শক্তিশালী আন্তঃগাঁথনি আৰু নিয়োগ সৃষ্টি তথা মহিলা সবলীকৰণৰ প্ৰতি দায়বদ্ধতাৰ দ্বাৰা পৰিচালিত প্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।’ তামিলনাডুৰ উদ্যোগ, বিনিয়োগ প্ৰসাৰ আৰু বাণিজ্য মন্ত্ৰী ডাঃ টি.আৰ.বি. ৰাজাই মন্তব্য প্ৰকাশ কৰি কয় যে, “এয়া এক স্মাৰ্ট উৎপাদন সুবিধা, তামিলনাডুৰ উন্নত উৎপাদনৰ বাবে আগুৱাই নিয়াৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে।”

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (জিচিপিএল)ৰ এমডি তথা চিইঅ’ সুধিৰ সীতাপতিয়ে কয় যে, “আমি এই কাৰখানাটোৰ জৰিয়তে এবাৰতে ১,৫০০ কোটি টকাৰ আহৰণৰ পূৰ্বানুমান কৰিছোঁ, যিয়ে পৰিকল্পিত উৎপাদন সূচীসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে।” এই উদ্যোগটোৱে বিভিন্ন কাৰ্যৰ জৰিয়তে ১০০০+তকৈও অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ অৰ্থপূৰ্ণ নিয়োগৰ সুযোগ সৃষ্টি কৰিছে, যিয়ে স্থানীয় সম্প্ৰদায় আৰু ব্যৱসায়তো ইতিবাচক প্ৰভাৱ পেলাইছে।