আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতিত এতিয়া মিত্ৰতাৰ অংকই তীব্ৰ ৰূপ ধাৰণ কৰিছে। বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ সম্ভাৱনাৰ কথা দোহাৰে যদিও এই প্ৰক্ৰিয়াটোত তেওঁৰ উৎসাহ আগতকৈ হ্ৰাস পোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। কেইবাটাও ৰাজনৈতিক দলৰ সৈতে আলোচনা প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে যদিও অখিল গগৈৰ দলৰ সৈতে এতিয়াও কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নাই কংগ্ৰেছ।
সংবাদ মাধ্যমক সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, “মই এতিয়াও মিত্ৰতাৰ পক্ষতে আছো।” তেওঁ লগতে কয়, “এয়া সঁচা যে কিছুমান দলৰ সৈতে আলোচনা প্ৰায় সমাপ্ত হৈছে আৰু কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী। কিন্তু ৰাইজৰ দলৰ সৈতে আলোচনা এতিয়াও অসম্পূৰ্ণ হৈ আছে।” ৰাইজৰ দলৰ শেহতীয়া কিছুমান ৰাজনৈতিক পদক্ষেপে কংগ্ৰেছৰ ভিতৰচৰাত যে অস্বস্তিৰ সৃষ্টি কৰিছে, সেই কথা সভাপতিগৰাকীৰ ভাষ্যত স্পষ্ট হৈ পৰিছে।
ৰাইজৰ দলৰ নেতৃত্বই মিত্ৰতাৰ আলোচনাৰ মাজতে ৰাজহুৱাভাৱে দিয়া কিছুমান মন্তব্যক লৈও অসন্তুষ্টি প্ৰকাশ কৰে গগৈয়ে। কংগ্ৰেছৰ পৰম্পৰা অনুসৰি আলোচনাৰ গোপনীয়তা ৰক্ষা কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয়, “আমি আলোচনাৰ মাজতে এনেদৰে ৰাজহুৱা মন্তব্য দিয়াৰ পক্ষপাতী নহয়।” তেওঁ লগতে কয়, “আমাৰ আলোচনা চলি আছে, কিন্তু মই এতিয়ালৈকে কোনবোৰ দলৰ সৈতে আলোচনা চূড়ান্ত হৈছে সেয়া ৰাজহুৱা কৰা নাই।”
গৌৰৱ গগৈয়ে ৰাইজৰ দললৈ কংগ্ৰেছৰ নিলম্বিত বিধায়কৰ যোগদান আৰু তেওঁলোকক টিকট দিয়াৰ চৰ্চাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই সকলোবোৰৰ পাছতো মিত্ৰতাৰ বাবে চেষ্টা চলাই যাব বুলি জনাই তেওঁ কয়, “মিত্ৰতা হ’লে ভালেই হয়। অৱশ্যে আগৰ তুলনাত মোৰ আশাবাদ অলপ হ্ৰাস পাইছে।” তেওঁ লগতে কয়, “তথাপিও মই মোৰ সতীৰ্থ আৰু কেন্দ্ৰীয় নেতৃত্বক বুজাবলৈ চেষ্টা কৰিম যে ঐক্যবদ্ধ যুঁজ দিলে কি লাভ হ’ব পাৰে।”
অসমৰ বিৰোধী শিবিৰৰ এই মিত্ৰতাৰ অংকই আগন্তুক নিৰ্বাচনত শাসকীয় পক্ষক কেনেদৰে প্ৰত্যাহ্বান জনায়, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।
