নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ । এইবাৰ যোৰহাটত মুখ্যমন্ত্ৰীৰ আন এক বিস্ফোৰণ ।গৌৰৱ গগৈৰ পাকিস্তান লিংক থকা কথা ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৈ থাকিলে গৌৰৱ গগৈয়ে ভয় নকৰো বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, “গৌৰৱ গগৈ ভয় কৰা মানুহ নহয় । সেইটো ভাল কথা । আমাৰো কাকো ভয় খুওৱাৰ উদ্দেশ্য নাই, কিন্তু যি সঁচা হয় সেয়াই সঁচা হ’ব আৰু যি মিছা সেয়া মিছা হ’ব । মই কৈছোঁ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় আৰু তেওঁ পত্নীও পাকিস্তানী । যদি তেওঁৰ সাহস আছে মোৰ ওপৰত কেচ কৰক ।”
