অলকাৰ্গো গ্ৰুপৰ প্ৰতিষ্ঠান গটি লিমিটেডে দেশজুৰি সেৱা নেটৱৰ্কৰ সৈতে সম্পূৰ্ণৰূপে সুসজ্জিত, নিৰাপদ আৰু অন-টাইম বাইক পৰিবহণ সেৱা মুকলি কৰিছে, এই সেৱাৰ নাম ৰাখিছে বাইক এক্সপ্ৰেছ। নতুন স্থানলৈ প্ৰব্ৰজন কৰা কৰ্মৰত পেছাদাৰী আৰু শিক্ষাৰ্থী তথা পৰ্যটক, বাইকাৰ্ছ আৰু যিকোনো স্থানলৈ গ’লে স্বতন্ত্ৰ গতিশীলতা পছন্দ কৰাসকলৰ বাবে ই আদৰ্শ।
বাইক এক্সপ্ৰেছে পেন-ইণ্ডিয়া বিনামূলীয়া আৰু সহজে পিক-আপ আৰু ডেলিভাৰী, অন-স্পট পেকিং, কাষ্টমাইজড ডেলিভাৰী, বিশেষ ভ্ৰমণ অভিযানৰ বিশেষ সুবিধা প্ৰদান কৰিছে। বিশেষভাৱে প্ৰশিক্ষিত পেছাদাৰীসকলৰ দ্বাৰা পৰিকল্পনা আৰু কাৰ্যকৰীকৰণ, যিকোনো বতৰতে কণ্টেইনাৰ বাহনৰ জৰিয়তে পৰিবহণ, কনচাইনমেণ্ট ট্ৰেকিং, লাষ্ট-মাইল আৰু দূৰৱৰ্তী অৱস্থানতো ডেলিভাৰী, আৰু ২৪/৭ গ্ৰাহক সমৰ্থন প্ৰদান কৰে। বাইক এক্সপ্ৰেছ অল ইনক্লুছিভ ফ্লেট ৰেটত উপলব্ধ। ই ১৫০ চিচিলৈকে ৪০০০ টকা আৰু ১৫০ চিচিৰ ওপৰত ৪৫০০ টকাৰ সৰ্বাত্মক ফ্লেট হাৰত উপলব্ধ। গটি লিমিটেডৰ মুখ্য বাণিজ্যিক বিষয়া হুৱাফ্ৰিড নাছাৰৱানজীয়ে এই বিষয়ে কয় যে, “বাইক এক্সপ্ৰেছ আমাৰ সেৱাসমূহৰ এক অবিচ্ছেদ্য অংশ য’ত বিভিন্ন কেম্পাছলৈ স্থান সলনি কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ষ্টুডেণ্ট এক্সপ্ৰেছ, কলাক্ষেত্ৰৰে জড়িতসকলৰ বাবে আৰ্ট এক্সপ্ৰেছ আৰু আম পৰিবহণৰ বাবে মেংগো এক্সপ্ৰেছ অন্তৰ্ভুক্ত।”
গটিৰ বাইক এক্সপ্ৰেছে ১৯৮০০ পিন ক’ড সামৰি ভাৰতৰ ৭৩৫খন জিলাত দ্ৰুত আৰু নিৰ্ভৰযোগ্য পৰিবহণ সেৱা প্ৰদান কৰে । ভাৰতৰ ৭৩৯খন জিলাৰ ভিতৰত ৭৩৫খন জিলাই সামৰি লৈছে গটিৰ বাইক এক্সপ্ৰেছে।
