বছৰৰ তৃতীয়খন গ্ৰেণ্ড শ্লেম উইম্বলডনৰ ফাইনেলত যোৱা নিশা স্পেনিছ তাৰকা কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি ছিনাৰে নিজ কেৰিয়াৰত প্ৰথমটো উইম্বলডন খিতাপত চুম্বন দিয়ে। ইয়াৰ লগে লগে ছিনাৰে অল ইংলেণ্ড ক্লাবত জয়ী হোৱা ইটালীৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপেও ইতিহাস ৰচনা কৰে।যোৱা নিশা অনুষ্ঠিত হোৱা পুৰুষৰ একক শাখাৰ ফাইনেলত ছিনাৰে কাৰ্লোছ আলকাৰাজক ৪-৬, ৬-৪, ৬-৪, ৬-৪ ব্যৱধানত পৰাস্ত কৰে। এইদৰে ছিনাৰে নিজৰ প্ৰথমটো উইম্বলডন খিতাপ জয় কৰাৰ বিপৰীতে আলকাৰাজ ক্ৰমাগত তৃতীয়টো উইম্বলডন খিতাপ জয়ওৰ ঐতিহাসিক সাফল্যৰ পৰা বঞ্চিত হ’বলগা হয়। টেনিছ ইতিহাসত এতিয়ালৈকে কেৱল বিজ’ৰ্ন বৰ্গ, পিট ছাম্প্ৰাছ, ফেডাৰেৰ আৰু জ’কভিচেহে এই কৃতিত্ব অৰ্জন কৰিছে।
