গেলেক্সি এছ২৪ চিৰিজে ৩ দিনত লাভ কৰিছে অভিলেখসংখ্যক ২,৫০,০০০ প্ৰি-বুকিং

422

ভাৰতৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স প্ৰতিষ্ঠান চেমচাঙে শেহতীয়াকৈ মুকলি কৰা ফ্লেগশ্বিপ গেলেক্সি এছ ২৪ ছিৰিজে অভিলেখ সংখ্যক প্ৰি-বুকিং লাভ কৰাৰ কথা সদৰি কৰিছে, যাৰ ফলত এইপৰ্যন্ত আটাইতকৈ সফল এছ ছিৰিজৰূপে পৰিগণিত হৈছে। তিনিদিন পূৰ্বে ১৮ জানুৱাৰীত দেশজুৰি প্ৰি-বুকিং মুকলি হোৱাৰ লগে লগে ভাৰতৰ ২,৫০,০০০ ৰো অধিক গ্ৰাহকে গেলেক্সি এছ ২৪ স্মাৰ্টফোনৰ অৰ্ডাৰ কৰিছে। তুলনামূলকভাৱে ভাৰতত ৩ সপ্তাহৰ ভিতৰত চেমচাঙে গেলেক্সি এছ ২৩ ছিৰিজৰ বাবে ২,৫০,০০০ প্ৰি-বুকিং লাভ কৰিছিল।

ভাৰতৰ গেলেক্সি এছ ২৪ আল্ট্ৰা, এছ ২৪+ আৰু এছ ২৪ স্মাৰ্টফোনত লাইভ ট্ৰেন্সলেট, ইণ্টাৰপ্ৰেটাৰ, চেট এছিষ্ট, নোট এছিষ্ট আৰু ট্ৰেন্সক্ৰিপ্ট এছিষ্টৰ দৰে যোগাযোগ সুবিধাসমূহ প্ৰদান কৰা হৈছে। এআইৰ দ্বাৰা প্ৰস্তুত কৰা চেমচাং কীবৰ্ডে হিন্দীকে ধৰি মুঠ ১৩টা ভাষালৈ বাৰ্তা অনুবাদ কৰিব পাৰে। এই বিষয়ে চেমচাং ইণ্ডিয়াৰ এমএক্স বিজনেছৰ জ্যেষ্ঠ উপাধ্যক্ষ ৰাজু পুলানে কয় যে, “গেলেক্সি এছ ২৪ ছিৰিজৰ বিপুল জনপ্ৰিয়তাই প্ৰমাণ কৰে যে ভাৰতীয় গ্ৰাহকসকল নতুন প্ৰযুক্তিৰ প্ৰাৰম্ভিক গ্ৰহণকাৰী। গেলেক্সি এছ ২৪ ছিৰিজৰ প্ৰতি আমাৰ গ্ৰাহকসকলে দিয়া অভূতপূৰ্ব সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

গুগলৰ সৈতে স্বজ্ঞাত চাৰ্কল টু চাৰ্চ সুবিধা প্ৰৱৰ্তন কৰা প্ৰথমটো ফোন হৈছে গেলেক্সি এছ২৪, যাৰ সহায়ত মোবাইল ব্যৱহাৰীয়ে উচ্চ মানদণ্ডৰ সন্ধান ফলাফল(চাৰ্চ ৰিজাল্ট)ৰ বাবে স্ক্ৰীণত যিকোনো বস্তু চাৰ্কল, হাইলাইট, স্ক্ৰিবল বা টেপ কৰিব পাৰে। এই ছিৰিজত ছেভেন জেনেৰেচন(সাতটা প্ৰজন্ম)ৰ অপাৰেটিং ছিষ্টেম উন্নীতকৰণ আৰু প্ৰডাক্টৰ লাইফচাইকেল(জীৱনচক্ৰ) বৃদ্ধি কৰিবলৈ ৭ বছৰৰ সুৰক্ষা আপডেটো অন্তৰ্ভুক্ত কৰা হৈছে।