দিউত জি-২০ গৱেষণা আৰু উদ্ভাৱন উদ্যোগ সংগ্ৰহ সন্মিলন

314

ভাৰতৰ জি-২০ সভাপতিত্বৰ অধীনত ১৮ মে’ত দিউৰ উদ্যোগত  দমন আৰু দিউ, দমন, নগৰ হাভেলীত পঞ্চম জি-২০ গৱেষণা আৰু উদ্ভাৱন উদ্যোগ সংগ্ৰহ (আৰআইআইজি) সন্মিলনৰ আয়োজন হয়। সন্মিলনৰ প্ৰথম দিনটোত মুঠ চাৰিখন অধিৱেশনত ব্লু ইকনমী – বিজ্ঞান আৰু সেৱা  আৰু ব্লু ইকনমী মেনেজমেণ্ট আৰু পলিচিৰ দৃষ্টিভংগী সন্দৰ্ভত আলোচনা কৰা হয়। দুদিনীয়া এই সন্মিলনত বহনক্ষম ব্লু ইকনমী গঢ়ি তোলাৰ দিশত আগবাঢ়ি যোৱাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। আৰআইআইজি সন্মিলনত ৩৫ জনতকৈ অধিক বিদেশী প্ৰতিনিধি আৰু ৪০ জন ভাৰতীয় বিশেষজ্ঞ, প্ৰতিনিধি আৰু আমন্ত্ৰিত লোকে অংশগ্ৰহণ কৰে।

সভাৰ প্ৰথম দিনা জি ২০ৰ শ্বেৰ্পা অমিতাভ কান্তে বৈঠকৰ উদ্বোধনী অধিবেশনত ভাষণ প্ৰদান কৰে। তেওঁ বহনক্ষম ব্লু ইকনমীৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰে। ব্লু অৰ্থনীতি খণ্ড আৰু সুযোগ, সামুদ্ৰিক প্ৰদূষণ, উপকূলীয় আৰু সামুদ্ৰিক পৰিৱেশ তন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্য, গভীৰ সাগৰৰ অন্বেষণ, নতুন আৰু নবীকৰণযোগ্য অফশ্ব’ৰ শক্তিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বৈঠকৰ উদ্বোধনী অধিৱেশনত দিউৰ প্ৰশাসক প্ৰফুল্ল কে পেটেলও ভাষণ প্ৰদান কৰে। তেওঁ মাছ ধৰা আৰু পৰ্যটন, অৰ্থনৈতিক কল্যাণ, দক্ষ গৱেষণা আৰু উদ্ভাৱন প্ৰসাৰৰ বাবে তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰে।

১৮ মে’ত বৈঠকৰ সময়ত দিউত ভাৰতৰ জি২০ যাত্ৰা প্ৰদৰ্শন সম্বন্ধীয় এক সপ্তাহজোৰা প্ৰদৰ্শনী উদ্বোধন কৰা হয়। এই প্ৰদৰ্শনী মুকলি অনুষ্ঠানত ভাৰতৰ জি২০ শ্বেৰ্পা অমিতাভ কান্ত, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সম্পাদক ড০ শ্ৰীৱৰি চন্দ্ৰশেখৰ, কেন্দ্ৰীয় শাসিত অঞ্চল দিউ, দমন আৰু দাদৰা নগৰ হাভেলীৰ প্ৰশাসক প্ৰফুল্ল পেটেল উপস্থিত আছিল৷ ইয়াৰ পূৰ্বে, বহনক্ষম শক্তিৰ বাবে সামগ্ৰী, শক্তি পৰিৱৰ্তনৰ বাবে বৃত্তাকাৰ জৈৱ-অৰ্থনীতি আৰু পৰিৱেশ-উদ্ভাৱনৰ ওপৰত আৰআইআইজি সন্মিলন ক্ৰমে ৰাঁচী, ডিব্ৰুগড় আৰু ধৰমশালাত অনুষ্ঠিত হৈছিল।