ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত ০২ – ০৩ আগষ্টৰ পৰা গুজৰাটৰ ৰাজধানী চহৰ গান্ধীনগৰত মহিলা সবলীকৰণৰ মন্ত্ৰী পৰ্যায়ৰ সন্মিলনৰ আহ্বান কৰা হৈছে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এই তিনিদিনীয়া বৈঠক। জি-২০ৰ সদস্য দেশ, আমন্ত্ৰিত দেশৰ সদস্য, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ১৫০ জনতকৈ অধিক প্ৰতিনিধিয়ে এই মন্ত্ৰী সন্মিলনত অংশগ্ৰহণ কৰিছে। উদ্বোধনী অধিৱেশনত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ মহেন্দ্ৰ মুঞ্জপাৰা আৰু ভাৰতৰ জি-২০ৰ মুখ্য সমন্বয়ক হৰ্ষবৰ্ধন শ্ৰিংলাও উপস্থিত থাকে।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশেষ ভিডিঅ’ বাৰ্তাৰ এই ৩ দিনীয়া মন্ত্ৰী সন্মিলনৰ শুভাৰম্ভণি হয়। প্ৰতিনিধিসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “যেতিয়া নাৰীসকল সমৃদ্ধিশালী হয়, তেতিয়াই বিশ্বৰ উন্নতি হয়।” তেওঁ লগতে আৰু কয়, “মহিলাৰ নেতৃত্বই অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰে আৰু মহিলাৰ কণ্ঠই ইতিবাচক পৰিৱৰ্তনৰ বাবে অনুপ্ৰেৰণা যোগায়।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, “বিশ্ব অৰ্থনীতিৰ বাবে মহিলা উদ্যোগীসকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।”
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে বহনক্ষম আৰু সৰ্বাংগীন অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মহিলাৰ নেতৃত্বত উন্নয়নৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। এই সন্মিলনৰ লক্ষ্য হৈছে শিক্ষা, মহিলা উদ্যোগীকৰণ, অৰ্থনৈতিক সমতা, অংশীদাৰিত্ব, জলবায়ুৰ স্থিতিস্থাপকতা আৰু ডিজিটেল দক্ষতাৰ জৰিয়তে মহিলা সবলীকৰণ, লিংগ সমতা, আৰু এছডিজি প্ৰাপ্ত কৰা। কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে ‘ভাৰত @ ৭৫: শিল্প, পুষ্টি, খাদ্য, স্বাস্থ্য, এছটিইএম, শিক্ষা, দক্ষতা, ব্যৱসায় আৰু অৰ্থনীতিলৈ মহিলাৰ অৱদান’ শীৰ্ষক এখন প্ৰদৰ্শনীৰো আয়োজন কৰিছে।