ভাৰতৰ জি-২০ৰ সভাপতিত্বৰ অধীনত চেন্নাইত ২৪-২৬ জুলাইলৈ তৃতীয়খন দুৰ্যোগ বিপদাশংকা হ্ৰাস(ডি আৰ আৰ) ৱৰ্কিং গ্ৰুপৰ বৈঠকৰ আহ্বান কৰা হৈছে। ৩ দিনীয়াকৈ অনুষ্ঠিত এই বৈঠকৰ মূল বিষয়বস্তু হৈছে দুৰ্যোগ প্ৰতিৰোধী ভৱিষ্যতৰ বাবে সহযোগিতাৰ প্ৰসাৰ-প্ৰচাৰ কৰা। ইয়াৰ লগতে বৈঠকত লোৱা সিদ্ধান্ত আৰু আলোচনাৰ খচৰা বা বিবৃতিৰ ওপৰতো আলোচনা কৰা হয়।
উদ্বোধনী অধিৱেশনত দুৰ্যোগ বিপদাশংকা হ্ৰাস কাৰ্যকৰী গোটৰ অধ্যক্ষ আৰু এনডিএমএৰ সদস্য সচিব কমল কিশোৰে আদৰণি ভাষণ প্ৰদান কৰে। এই বৈঠকত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব মিশ্ৰই দুৰ্যোগৰ বিপদাশংকাৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। আনহাতে, ভাৰতৰ জি-২০ শ্বেৰ্পা কান্তে কয় যে, “কাৰ্যকৰী গোটৰ এই চূড়ান্ত বৈঠকখনে জি-২০ দেশসমূহৰ ঐক্য আৰু সহযোগিতাৰ সামূহিক মনোভাৱক প্ৰতিফলিত কৰিছে।”
এই বৈঠকত মহিলাৰ নেতৃত্বত আৰু সম্প্ৰদায় বা অঞ্চল-আধাৰিত দুৰ্যোগবিপদাশংকা হ্ৰাস (ডিআৰআৰ) আৰু দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে সামৰ্থ্য বিকাশৰ ওপৰত আন দুটা অন্যান্য অনুষ্ঠানৰো আয়োজন কৰা হয়। অনুষ্ঠানৰে সংগতি ৰাখি এখন প্ৰদৰ্শনীত প্ৰাকৃতিক দুৰ্যোগৰ আগতীয়া সতৰ্কবাণী সমাধান আৰু নিৰীক্ষণ সম্বন্ধীয় বিভিন্ন দিশ প্ৰদৰ্শন কৰা হৈছিল। ভাৰতৰ জি-২০ সভাপতিত্বত ডিআৰআৰ সন্দৰ্ভত এক সমৰ্পিত কাৰ্যকৰী গোট গঠন কৰা হৈছে, যিয়ে দুৰ্যোগ আৰু জলবায়ু জৰুৰীকালীন অৱস্থাৰ দ্বাৰা উদ্ভৱ হোৱা বিশ্বব্যাপী প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছে।
