ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত ২০২৩ চনৰ ২৬ আগষ্ট, শনিবাৰে বাৰাণসীত এদিনীয়াকৈ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ বাৰ্তাৰে আৰম্ভ হয় এই সাংস্কৃতিক মন্ত্ৰীসভাৰ। ভাষণৰ সময়ত সংস্কৃতিৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘সংস্কৃতিৰ একত্ৰিত হোৱাৰ অন্তৰ্নিহিত ক্ষমতা আছে। ইয়াৰ দ্বাৰা আমি বিভিন্ন পটভূমি আৰু দৃষ্টিভংগী বুজিব পাৰো। গতিকে আপোনালোকৰ কামৰ সকলো মানৱজাতিৰ বাবে যথেষ্ট গুৰুত্ব আছে।”
কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষান ৰেড্ডীয়ে আদৰণি ভাষণ প্ৰদান কৰে, ইয়াৰ পিছত ত্ৰৈক’ৰ হৈ ইণ্ডোনেছিয়া আৰু ব্ৰাজিলৰ প্ৰতিনিধিসকলে নিজৰ ভাষণ প্ৰদান কৰে। গ্ল’বেল থিমেটিক ৱেবিনাৰৰ অন্তৰ্দৃষ্টি আৰু পৰামৰ্শৰ ওপৰত ‘জি-২০ কালচাৰ: শ্বেপিং দ্য গ্ল’বেল নেৰেটিভ ফৰ ইনক্লুছিভ গ্ৰওথ’ শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰা হ’ব।
এক বিশেষ ডাক টিকটেৰে এই অভিযানৰ যাত্ৰাক চিহ্নিত কৰা হ’ব। বাৰাণসীত অনুষ্ঠিত এই চতুৰ্থ জি-২০ সংস্কৃতি কৰ্মগোটৰ বৈঠকত ড্ৰাফ্ট মন্ত্ৰীসকলৰ ঘোষণা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত অংশ লোৱা প্ৰতিনিধিসকলে ৰিভাৰ ক্ৰুজৰ বাবে সন্ত ৰবিদাস ঘাট ভ্ৰমণ কৰে আৰু বিশাল গংগা আৰতিতো ভাগ লয়। লগতে প্ৰখ্যাত নৃত্যশিল্পী আৰু নৃত্য পৰিচালক ৰাণী খানমৰ সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে প্ৰতিনিধিসকলে।
