২৫ মে’ৰ পৰা উত্তৰাখণ্ডৰ তেহৰী জিলাৰ নৰেন্দ্ৰ নগৰত ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত G20ৰ G20 দুৰ্নীতি বিৰোধী কৰ্মকৰী গোটৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকখন উদ্বোধন কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাটে। এই বৈঠকত G20ৰ সদস্য ৰাষ্ট্ৰ, ১০খন আমন্ত্ৰিত দেশ আৰু ৯টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ৯০ জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
দুৰ্নীতি বিৰোধী এই বৈঠকৰ প্ৰথম দিনাই দুৰ্নীতিমুক্ত পৃথিৱীৰ ওপৰত বিশেষভাৱে আলোচনা অনুষ্ঠিত হয়। বৈঠকৰ সময়ত ইটালীৰ G-20ৰ সহ-সভাপতি জিঅ’ভানি টাৰ্টাগ্লিয়া পোলাচিনিয়ে মুকলি অধিবেশনত মূল ভাষণ প্ৰদান কৰে। ভাৰতৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাটেও বৈঠকখন সম্বোধন কৰে। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজত বিশ্বব্যাপী সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ বাবে G-20ত ভাৰতৰ প্ৰচেষ্টাক শলাগ লয় আৰু ৰাজহুৱা খণ্ডত স্বচ্ছতা আৰু দায়বদ্ধতা বৃদ্ধিৰ আহ্বান জনায়।
ইয়াৰ পিছত প্ৰতিনিধিসকলৰ বাবে “দুৰ্নীতি বিৰোধী কৌশলৰ সৈতে লিংগ সংবেদনশীলতাক সমন্বয়ৰ বাবে G-20 পদ্ধতি বিচাৰি উলিওৱা” শীৰ্ষক এক অনুষ্ঠানৰো আয়োজন কৰা হয়। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী, কৰ্মচাৰী আৰু ৰাজহুৱা অভিযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয়, “ঋষিকেশত অনুষ্ঠিত হ’বলগীয়া G-20 বৈঠকত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নিশ্চিত কৰা হ’ব আৰু অৰ্থনৈতিক অপৰাধীৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতৰ সংকল্প পুনৰবাৰ উল্লেখ কৰা হ’ব।” উল্লেখ্য যে, ২০২৩ চনৰ মাৰ্চ মাহত দুৰ্নীতি বিৰোধী কৰ্মী গোটৰ প্ৰথমখন বৈঠক গুৰুগ্ৰামত অনুষ্ঠিত হৈছিল।
