ভেকুলীৰ প্ৰজাতি দুটা মেঘালয়ৰ খাছি পাহাৰত পোৱা গৈছে । আৱিষ্কৃত ভেকুলীৰ নামকৰণ খাছি শব্দত কৰা হৈছে ।এই ভেকুলী ৰাওৰ্কেষ্টেছ (Raorchestes) গোত্রৰ অন্তৰ্গত, যিবোৰ সাধাৰণতে সৰু আকৃতিৰ হয় । এই ভেকুলী দুটাৰ প্ৰজাতিৰ বিশেষত্ব হ’ল ই সৰু আকৃতিৰ হয় । নতুনকৈ আৱিষ্কৃত ভেকুলীৰ নামকৰণ খাছি শব্দত কৰা হৈছে । খাছি শব্দ ‘জাকইড‘(Jakoid) শব্দটোৰ অৰ্থ ভেকুলী আৰু জাদ (Jadoh) হৈছে খাছি সমাজৰ চাউল-মাংসৰ এক পৰম্পৰাগত খাদ্য ।
