দিৰিয়াহত নিছানৰ চমক: ফৰ্মুলা ই টীমৰ প’ল পজিচন দখল কৰি প’ডিয়ামত জয়লাভ

635

নিছান ফৰ্মুলা ই টীমে এবিবিএফআইএ ফৰ্মুলা ইৱৰ্ল্ড চেম্পিয়নশ্বিপৰ দশম ছিজনত আত্মপ্ৰকাশেৰে দিৰিয়াহত অনুষ্ঠিত হোৱা ৰাউণ্ড ৩ত ২৬ পইণ্ট লাভ কৰিবলৈ সক্ষম হয়। শুকুৰবাৰে হতাশাজনক প্ৰদৰ্শনেৰে তীব্ৰ যুঁজ দিব লগীয়া হৈছিল, অলিভাৰ ৰ’লেণ্ডে ১৩ নং স্থান দখল কৰিছিল আৰু ছাচা ফেনেষ্ট্ৰাজে দুৰ্বল প্ৰদৰ্শনেৰে বিদায় লৈছিল, দ্বিতীয় ডাবল হেডাৰ ইভেণ্টত নিজৰ ষ্টাইল প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰিছিল। ফ্ৰেংকো-আৰ্জেণ্টিনাৰ ফেনেষ্ট্ৰাজে কোৱালিফায়িং পৰ্যায়ত গ্ৰুপ এত শীৰ্ষস্থান দখল কৰিছে, আনহাতে, গ্ৰুপ বিত দ্ৰুততম সময়েৰে ৰ’লেণ্ডে আগস্থানত থাকি ডুৱেলত স্থান দখল কৰে।  

ব্ৰিটিছ ৰেচাৰ ৰ’লেণ্ডে তিনিওটা ডুৱেলত জয়লাভ কৰি প্ৰতিটো পৰ্যায়তে আটাইতকৈ দ্ৰুত সময়েৰে চমক সৃষ্টি কৰাৰ লগতে কোৱাৰ্টাৰ ফাইনেলত ফেনেষ্ট্ৰাজৰ এলিমিনেট স্বত্বেও জুলিয়াছ বেয়াৰ পোলে স্থান দখলৰ বাবে তিনি পইণ্টৰ বৰঙণি আগবঢ়ায়। ৩৬-লেপৰ ডিৰিয়াহ ৰেচত ৰ’লেণ্ডে তীব্ৰ যুঁজ দিব লগা হয়, অৱশেষত প্ৰতিযোগিতাখনৰ এটা স্থান হেৰুৱাইব লগীয়া হল আৰু এটেক মোড পৰ্যায়ত তৃতীয় স্থানলৈ অৱনমিত হয়।  

ইয়াৰ পিছতো প্ৰতিপক্ষৰ সৈতে সৰ্বোচ্চ উজাৰি শেষৰ পৰ্যায়ত দ্বিতীয় স্থানৰ বাবে আপ্ৰাণ চেষ্টাৰ পিছতো তৃতীয় স্থানত ক্ষান্ত হ’বলগীয়া হয়। ফেনেষ্ট্ৰাজে শক্তিশালী ৰান কৰাৰ লগতে তীব্ৰ যুঁজ দিবলৈ সক্ষম হয় আৰু অন্তিম লেপৰ বাবে লিড পেকত অৱতীৰ্ণ হৈছিল, ষষ্ঠ স্থানত ছিজনৰ প্ৰথম পইণ্ট অৰ্জন কৰিছিল। ফৰ্মুলাত এতিয়া সাত সপ্তাহৰ বিৰতিৰ সময়, ১৬ মাৰ্চত চাও পাওলো-প্ৰিক্সৰ সৈতে পুনৰ উভতি আহিব। এই বিষয়ে নিছান ফৰ্মুলা ই টিমৰ পৰিচালন সঞ্চালক তথা টীমৰ অধ্যক্ষ টমাছ’ ভল্পে কয় যে, “পৰৱৰ্তী ৰাউণ্ডৰ পূৰ্বে এতিয়া আমাৰ হাতত যথেষ্ট সময় আছে, গতিকে আমি কাম কৰি যাম আৰু চাও পাওলোত এই প্ৰদৰ্শনৰ পুনৰাবৃত্তি কৰিব বিচাৰিম।”