বৰ্ষৰ অন্তত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীবাসীয়ে অপেক্ষা কৰা নতুন দলঙৰ যান-বাহন চলাচল ১ মাৰ্চৰ পৰা আৰম্ভ হব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা এই সেতুৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰীত কৰিব। অসমৰ আন্তঃগাঁথনি উন্নয়নৰ এক উল্লেখযোগ্য নিদৰ্শন হিচাপে গণ্য কৰা ১.২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণ খৰচ প্ৰায় ৩,৩০০ কোটি টকা। গৌৰীপুৰৰ পৰা আৰম্ভ হোৱা দলংখনত যান-বাহন চলাচল কৰিবলৈ কিছু সাময়িক ব্যৱস্থা গ্ৰহণ কৰা হৈছে, য’ত ‘ট্ৰাম্পেট ইণ্টাৰচেঞ্জ’ৰ কাম চলি থকাৰ বাবে জুন মাহলৈকে বাহনসমূহ কেৱল আই আই টি গুৱাহাটীৰ দিশেৰেই প্রবেশ কৰিব।
মহানগৰীৰ ফাঁচীবজাৰ আৰু বাণিজ্যিক এলেকাৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে দলংখনত চলাচল কৰা বাছ আৰু ট্ৰাকৰ ওপৰত টোল আৰোপ কৰা হব, কিন্তু আন যান-বাহনৰ বাবে এই কৰ প্ৰযোজ্য নহ’ব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পাছত, জনসাধাৰণক ১৫ দিনৰ বাবে পথচাৰীৰ বাবেহে মুকলি দিয়া হ’ব। তাৰ পাছত ১ মাৰ্চৰ পৰা যান-বাহন চলাচলৰ বাবে দলংখন খুলি দিয়া হব। এই আধুনিক সেতুৰ মাধ্যমে যাতায়াতের সময় হ্ৰাসৰ লগতে উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ সংযোগ অধিক সুদৃঢ় হ’ব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে।
