বিনামূলীয়া গ্ৰীষ্মকালীন দবা প্ৰশিক্ষণ

94

বৰপেটা চহৰৰ ৰংপুৰহাটীৰ “ময়ুৰী দুৱৰী দবা অনুশীলণ কেন্দ্ৰ”ত অহা ১০ জুলাইৰ পৰা ২৫ জুলাইলৈ পোন্ধৰ দিনীয়া বিনামূলীয়া গ্ৰীষ্মকালীন দবা প্ৰশিক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

উক্ত বিনামূলীয়া দবা প্ৰশিক্ষণ কেৱল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েহে অংশগ্ৰহণ কৰিব পাৰিব বুলি কোৱা হৈছে । গৰমৰ বন্ধত ছাত্ৰ ছাত্ৰীৰ ম’বাইল ব্যস্ততাৰ পৰা দুৰত ৰখাৰ উদ্দেশ্যৰ উপৰিও দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি প্ৰকাশ ।

স্থানৰ অসুবিধাৰ বাবে দহ গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে । দবা প্ৰশিক্ষণৰ উপৰিও ১০০ টা খেলৰ কুইজ, আবৃত্তি, তিনিটা প্ৰাৰ্থনা, দহটা কৌতুক, আকস্মিক বক্তৃতা, নিৰ্বাচিত এশটা অসমীয়া শব্দ উচ্চাৰণ, ২১০ টা অসমীয়া যুক্তাক্ষৰ আৰু ১০০ খন জনপ্ৰিয় অসমীয়া গ্ৰন্থ প্ৰদৰ্শন আদিৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব । আনহাতে শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হ’লে প্ৰশিক্ষণৰ স্থান সলনি কৰা হ’ব পাৰে বুলিও প্ৰকাশ কৰা হৈছে । প্ৰশিক্ষণত ভাগ ল’ব বিচৰা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যোগযোগৰ বাবে ৯৭০৭৯-৩৬০৮০ নম্বৰত ফোন কৰিবলৈ আয়োজকৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে ।