ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ শোভা বঢ়াই থকা নীলম, পান্না আৰু হীৰা অন্তৰ্ধান ! দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ । বিশেষজ্ঞসকলৰ মতে এই বহু মূল্যৱান ৰত্ন তথা সম্পদ চিৰদিনৰ বাবে নাইকীয় হ’ব পাৰে ! এই ঘটনাই সমগ্ৰ দেশখনকে স্তম্ভিত কৰি তুলিছে ।নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন ।চুৰি হোৱা বহু মূল্যৱান সম্পদবোৰৰ ভিতৰত আছে- এডাল পান্নাৰ হাৰ আৰু কাণফুলি, দুটা মুকুট, দুটা ব্ৰচ, এডাল নীলমৰ হাৰ আৰু কাণফুলি । যিবোৰে ১৯ শতিকাৰ ‘হ’ট জ’লেৰী’ বা শীৰ্ষ গহনাবোৰৰ শিখৰত থকা বুলি দাবী কৰা হয় ।ৰাজমুকুট আৰু গহনা চুৰি হোৱাৰ লগে লগে ফ্রান্স চৰকাৰত হাহাকাৰ লাগিছে । লুৱৰ সংগ্ৰহালয়ৰ নিৰাপত্তাক লৈও বিভিন্ন মহলত প্ৰশ্নৰ উদ্বেগ হৈছে ।
