দিল্লীৰ ৰোহিনীৰ কিৰাৰী অঞ্চলত যোৱা ৯ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ থকা এটি চাৰি বছৰীয়া কণমানিক সোমবাৰে এটা নলাত মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। উত্তৰ-পশ্চিম দিল্লীৰ বিদ্যাপিটি নগৰৰ ধ্ৰুৱ পিকেটৰ সমীপৰ এটা নলাত কণমানিটি ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়। সন্ধানহীন হোৱাৰ পাছতে শিশুটিক অপহৰণ কৰা বুলি পৰিয়ালে প্ৰেম নগৰ থানাত এজাহাৰ দাখিল কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে, শিশুটিক বিচাৰি উলিয়াবলৈ ড্ৰোন কেমেৰা, স্নীফাৰ ডগ আৰু কেইবাটাও বিশেষ তদন্তকাৰী দল নিয়োগ কৰা হৈছিল। সোমবাৰে পৰিয়ালৰ লোকৰ উপস্থিতিত চলা তালাচীৰ সময়ত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। লগে লগে কণমানিটিক মঙলপুৰীৰ সঞ্জয় গান্ধী মেম’ৰিয়েল হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
প্ৰাথমিক তদন্তত শিশুটিৰ শৰীৰত কোনো আঘাতৰ চিন পোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো মৰ্চাৰীলৈ প্ৰেৰণ কৰা হৈছে। ফৰেনচিক বিশেষজ্ঞৰ দলে ইতিমধ্যে ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় নমুনা সংগ্ৰহ কৰিছে। শিশুটিৰ মৃত্যু দুৰ্ঘটনাবশতঃ নলাত পৰি হৈছে নে ইয়াৰ আঁৰত কোনো অপৰাধমূলক চক্ৰ জড়িত আছে, তাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
