ত্ৰিপুৰাত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত থকা তীব্ৰ অভিযানৰ মাজতে এইবাৰ ৰেল আৰক্ষীৰ জালত পৰিল এটা মহিলা সৰবৰাহকাৰীৰ দল। ৰাজধানী চহৰত থকা আগৰতলা ৰেল ষ্টেচনত বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত ৰেল আৰক্ষীয়ে অভিযান চলাই ৪৬.৫৯০ কিলোগ্ৰাম গাঞ্জাসহ চাৰিগাৰাকী মহিলাক আটক কৰে। আৰপিএফ (RPF) পোষ্টৰ সন্মুখত থকা ১ নম্বৰ প্লেটফৰ্মৰ পৰা এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।
অভিযুক্ত মহিলাকেইগৰাকীয়ে ট্ৰলী বেগ আৰু হেণ্ডবেগত গাঞ্জাখিনি লৈ উদয়পুৰ অভিমুখে যোৱাৰ পৰিকল্পনা কৰি থকাৰ সময়তে আৰক্ষীৰ জালত পৰে। ক’লা বজাৰত জব্দকৃত এই গাঞ্জাখিনিৰ মূল্য প্ৰায় ১৫ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আগৰতলা জিআৰপি থানাত ইতিমধ্যে ১৯৮৫ চনৰ এনডিপিএছ (NDPS) আইনৰ ২১(চি)/২৯ ধাৰাৰ অধীনত ৰুজু কৰা হয় এটি গোচৰ। আটক কৰা চাৰিওগৰাকী অভিযুক্তক বৰ্তমান অধিক সোধপোছৰ বাবে জিম্মাত ৰখা হৈছে। ৰাজ্যখনত গাঞ্জা সৰবৰাহৰ নেক্সাচটো ভাঙিবলৈ ৰেল আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।
