২০২৪-২৬ বৰ্ষৰ এপপিএম আৰু ইএফপিএম পাঠ্যক্ৰমৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

306

দিল্লী-এনচিআৰৰ এক শীৰ্ষ ব্যৱস্থাপনা প্ৰতিষ্ঠান ফ’ৰ স্কুল অৱ মেনেজমেণ্টে ২০২৪-২৬ বৰ্ষৰ বাবে পূৰ্ণকালীন ফেল’ প্ৰগ্ৰেম ইন মেনেজমেণ্ট (এফপিএম) আৰু এক্সিকিউটিভ ফেল’ প্ৰগ্ৰেম ইন মেনেজমেণ্টৰ বাবে নামভৰ্তিৰ আবেদন মুকলি কৰিছে। এই পাঠ্যক্ৰমৰ বাবে আবেদনৰ অন্তিম দিন হৈছে ৪ মাৰ্চ, ২০২৪। এই শিক্ষানুষ্ঠানখনে আইআইএম, গে’ট, জিআৰই, জিএমএটি, ইউজিচি-নেট, জেআৰএফ/চিএছআইআৰ, বা ফ’ৰ প্ৰৱেশ পৰীক্ষা(এফইটি)ৰ দ্বাৰা পৰিচালিত কমন এডমিচন টেষ্ট(চিএটি) আৰু যোৱা দুবছৰৰ নম্বৰ বৈধ বুলি গণ্য কৰা হ’ব।

২০২৪ চনৰ ৭ মাৰ্চত ফ’ৰ স্কুল অৱ মেনেজমেণ্টে দুয়োটা পাঠ্যক্ৰমৰ বাবে এফইটি অনুষ্ঠিত কৰিব। ফ’ৰ স্কুল অৱ মেনেজমেণ্ট এছএকিউএছ (ছাউথ এছিয়া কোৱালিটী চিষ্টেম)ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত, ইয়েই সূচায় যে, ই দক্ষিণ এছিয়াৰ কেইবাখনো ব্যৱসায়িক শিক্ষানুষ্ঠানৰ ভিতৰত অন্যতম যিয়ে গুণগত নিশ্চয়তা মানদণ্ডৰ এই গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। ফ’ৰত আগবঢ়োৱা সকলো পিজিডিএম প্ৰগ্ৰেম এআইচিটিইৰ দ্বাৰা অনুমোদিত।

ফ’ৰ প্ৰতিষ্ঠানটোৱে গড় হিচাপত চিটিচি আৰু মধ্যম চিটিচি, একাধিক চাকৰিৰ অফাৰ প্ৰদানৰ লগতে আন্তঃৰাষ্ট্ৰীয় চাকৰিত নিয়োগৰ সুযোগ বৃদ্ধি কৰিবলৈ ইতিমধ্যে পঞ্জীয়ন কৰিছে। নিয়োগ প্ৰদানকাৰী আৰু প্ৰফাইলৰ বৈচিত্ৰ্য উন্নীত কৰিছে, তথ্যপ্ৰযুক্তি খণ্ডৰ মুঠ অফাৰৰ ৩৪%, বিএফএছআইয়ে ২৭%, এমআৰ এণ্ড কনচাল্টিঙে ১৭%, এফএমচিজি, এফএমচিডি আৰু অটোম’বাইল খণ্ডই ১২%, আৰু অন্যান্য খণ্ডৰ মুঠ চাকৰিৰ ১০% ফ’ৰৰ অধীনৰ ছাত্ৰ-ছাত্ৰীক নিযুক্তি লাভ কৰিছে।