ভাৰতৰ সংবাদ জগতত ৰচনা হ’ল এক নতুন ইতিহাস। ১৯৬০ চনৰ পৰা কাৰ্যক্ষম হৈ থকা প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নেতৃত্বৰ বাবে নিৰ্বাচিত হ’ল এগৰাকী মহিলা সাংবাদিক। সদ্য ঘোষিত প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ সাধাৰণ নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে সভাপতি হিচাপে নিৰ্বাচিত হ’ল জ্যেষ্ঠ সাংবাদিক তথা অসম কন্যা সংগীতা বৰুৱা পিছাৰটি।
শনিবাৰে অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ ফলাফল দেওবাৰে ঘোষণা কৰা হয়। ইয়াতেই সংগীতা বৰুৱা পিছাৰটিৰ নেতৃত্বাধীন পেনেলে সকলো বিষয়া আৰু পৰিচালনা সমিতিৰ পদত জয়ী হৈ ২২-০ ব্যৱধানত এক বৃহৎ বিজয় সাব্যস্ত কৰে। এই বিজয় সাংবাদিকতাৰ ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ইংগিত হিচাপে পৰিগণিত হৈছে।
নিৰ্বাচনত আফজল ইমাম সাধাৰণ সম্পাদক আৰু যতীন গান্ধী উপ-সভাপতি হিচাপে বিজয়ী হয়। আনহাতে, অদিতি ৰাজপুত (কোষাধ্যক্ষ) আৰু পি আৰ সুনীল (যুটীয়া সম্পাদক) বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। তেওঁৰ পেনেলে পোৱা এই সফলতাৰ পিছত এতিয়া ভাৰতীয় সাংবাদিকতাৰ কেন্দ্ৰবিন্দু প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ কাৰ্যপ্ৰণালীত নতুন দৃষ্টিভংগী আৰু নাৰীশক্তিৰ এক নতুন সোঁত বোৱাৰ পথ মুকলি হ’ল বুলি আশা কৰা হৈছে।
