পশ্চিম গুৱাহাটীৰ পৰিবেশ অনুকূল গাঁও হিচাপে পৰিচিত আজাৰা থানাৰ অন্তৰ্গত ছাটাৰগাঁওত সামাজিক সংস্থা শ্ৰী সত্য সাই সেৱা সংগঠনে খাদ্য সামগ্ৰী বিতৰণ কৰে । সংগঠনটোৰ কৰ্মকর্তা সত্যেন শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে অঞ্চলটোৰ ৬২ টা ৰাভা জনগোষ্ঠীৰ পৰিয়ালক চাউল , দালি , আলু , পিয়াজ , নিমখ , মিঠাতেল , চিৰা , বিস্কুট , দিয়াচলাইৰ উপৰি মুখত পৰিধান কৰাৰ বাবে চাৰিখনকৈ মাস্ক বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীত স্থানীয় নৱজ্যোতি ক্লাবৰ সভাপতি দ্বীপেন ৰাভা , সম্পাদক মনোজ ৰাভাকে ধৰি কেবাজনো কৰ্মকর্তা , পৰ্যটনৰ উন্নয়নৰ হকে কাম কৰি অহা সংগঠন ” ৰংমন ট্যুৰিজিম চছাইটিৰ প্ৰমোদ কলিতা , কন্দৰ্প বড়ো , অসম পৰ্বতাৰোহী সংস্থাৰ মানস বৰুৱাকে ধৰি কেবাজনেও সহযোগিতা আগবঢ়ায় । উল্লেখযোগ্য যে ক’ভিডৰ প্ৰথম ঢৌৰ দৰে দ্বিতীয় ঢৌতো অতি সাৱধানতা অৱলম্বন কৰা বাবে এই পৰ্যন্ত অঞ্চলটোৰ কোনো লোক ক’ভিডত আক্ৰান্ত হোৱা নাই । আনহাতে বিগত ২০২০ বৰ্ষতো শ্ৰী সত্য সাই সেৱা সংগঠনে অঞ্চলটোৰ বাসিন্দা সকলৰ মাজত খাদ্য সামগ্ৰীৰ উপৰিও মাস্ক , চেনিটাইজাৰ , ছাতি , আদিও বিতৰণ কৰিছিল ।