দেশৰ ৰাজপথত শ্লীপাৰ কোচ বাছত সংঘটিত অগ্নিকাণ্ড আৰু দুৰ্ঘটনাৰ সমস্যাবলীৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে উল্লেখ কৰা মতে, এতিয়াৰ পৰা কেৱল চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অটোম’বাইল কোম্পানীসমূহই শ্লীপাৰ বাছ নিৰ্মাণ কৰিব পাৰিব। এই সিদ্ধান্তটোৰ মূল উদ্দেশ্য হৈছে অগ্নিকাণ্ডৰ ঘটনা কমোৱা। নতুন নিয়মে বাছসমূহত জুই ধৰা পেলোৱাৰ ছিষ্টেম, জৰুৰীকালীন পোহৰ, আৰু চালকৰ টোপনি ধৰা পেলোৱা ইণ্ডিকেটৰ থাকাটো বাধ্যতামূলক কৰা হৈছে। লগতে, যাত্ৰীৰ সুৰক্ষাৰ বাবে বাছসমূহত জৰুৰীকালীন নিৰ্গমন দুৱাৰ আৰু হাতুৰী হোৱাৱে লাগিব। সকলো শ্লীপাৰ বাছে ৰাষ্ট্ৰীয় মানদণ্ডৰ ‘AIS-052’ বাছ বডী ক’ড পালন কৰিব।
গাডকাৰীয়ে উল্লেখ কৰে যে বিগত ছমাহত ৬টা ডাঙৰ অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় ১৪৫গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। এই সমস্যাসমূহৰ সমাধান কৰিবলৈ, কেন্দ্ৰীয় চৰকাৰে দুৰ্ঘটনাত পতিত লোকৰ বাবে ‘কেচলেছ’ চিকিৎসা আঁচনি আৰম্ভ কৰাটো পরিকল্পনা কৰিছে, যাৰ অধীনত ১.৫ লাখ টকা পৰ্যন্ত নগদ বিহীন চিকিৎসা প্রদান কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰিব।
আনহাতে, দুৰ্ঘটনা ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘ভেহিকেল-টু-ভেহিকেল’ যোগাযোগ প্ৰযুক্তি ব্যৱহাৰৰ কাম কৰিছে। এই প্ৰযুক্তিৰ সহায়ত বাহনৰ মাজত পোনপটীয়া যোগাযোগ কৰি চালকে অতিৰিক্ত তথ্য লাভ কৰিব পাৰে, যেনে আন বাহনৰ গতিবেগ আৰু ব্ৰেক মৰাৰ তথ্য। দুৰ্ঘটনাত পৰি আহত লোকক হাস্পতাললৈ নিয়া লোকক নগদ ধনৰ পুৰস্কাৰো প্ৰদান কৰা হ’ব।
