বাঁহীবাদক দীপক শৰ্মা আৰু নাই। ৫৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট শিল্পীগৰাকী। চেন্নাইত চিকিৎসাধীন অৱস্থাত ইহসংসাৰ ত্যাগ কৰে শিল্পী গৰাকীয়ে । ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল বাঁহীবাদক দীপক শৰ্মাই। গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা দীপক শৰ্মা বিগত কেইবাবছৰ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল।
