এফ এল এন দিৱস

235

সমগ্ৰ শিক্ষা বৰপেটাৰ সহযোগত তথা বৰপেটা শিক্ষাখণ্ডৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্য্যসূচীত ৯১৮ নং মেটুৱাকুছি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ধৰণৰ শিশু গীত, কবিতা আবৃত্তি, সংখ্যাৰ গীত ইত্যাদি কাৰ্যসূচী আগবঢ়ায়।

আনহাতে বৰপেটা শিক্ষাখণ্ডৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে উপৰোক্ত বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত সমল ব্যক্তি হিচাপে চি আৰ চি চি তৰু দাসে সাক্ষৰতাৰ আৰু অঞ্জুমণি ডেকাই সাংখ্যিকতাৰ দুটা আৰ্হি পাঠদান কৰে।

এফ এল এন দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানটোত এক আকৰ্ষণীয় শিকণ শিক্ষন সামগ্ৰীৰ প্ৰদৰ্শনীও আয়োজন কৰা হয়। প্ৰদৰ্শনীখন উন্মোচন কৰে বৰপেটা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই। অনুষ্ঠানটোত সভাপতিত্ব কৰে সমগ্ৰ শিক্ষা বৰপেটাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচঁনি বিষয়া সীতাংগ ডেকাই আৰু বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বৰপেটা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্য, সমগ্র শিক্ষা বৰপেটাৰ এফ এল এনৰ জিলা প্ৰালোচক মীনাক্ষী দাস আৰু বৰপেটা শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি দ্বীজেন্দ্ৰ কৃষ্ণ মিশ্ৰ।