ফ্লিপকাৰ্টৰ সেৱা শাখা জীভেছে ক্ৰয়ৰ পিছত আগবঢ়ায় এণ্ড-টু-এণ্ড সমাধান

319

ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে ইয়াৰ সেৱা শাখা জীভেছ (Jeeves)ৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে, যি গ্ৰাহক আৰু ব্যৱসায়ীসকলক ক্ৰয়ৰ পিছত সেৱা সমাধান প্ৰদান কৰে। ই ঘৰুৱা সঁজুলি, ম’বাইল, তথ্য প্ৰযুক্তি সামগ্ৰী, আচবাব, উপভোক্তা ইলেক্ট্ৰনিক্স আৰু বহুতো সামগ্ৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ সামগ্ৰী পূৰণ কৰিব।

জীভেছে ইনষ্টলেশ্বন, ডেমো, মেৰামতি, তত্বাৱধান আৰু ভিএএছ (মূল্য-সংযোজন সেৱা)ৰ দৰে সামগ্ৰিক ক্ৰয় সমাধান প্ৰদান কৰে, যাৰ ভিতৰত আছে সুৰক্ষা আৰু সম্প্ৰসাৰিত ৱাৰেণ্টি, ইনবাউণ্ড, আউটবাউণ্ড, আৰু ৪০+ সামগ্ৰী শ্ৰেণীত বিস্তৃত অনা-ভইচ গ্ৰাহক সেৱা।  ইয়াত ৩০০ ৰো অধিক ৱাক-ইন সেৱা কেন্দ্ৰ, ১,০০০+ অন-চাইট সেৱা অংশীদাৰ আৰু ৯,০০০+ প্ৰশিক্ষিত সেৱা টেকনিচিয়ান আছে, যিয়ে সকলো আকাৰৰ ব্যৱসায় আৰু গ্ৰাহকসকলক সমস্যাবিহীন বিক্ৰীত সহায় প্ৰদান কৰে।

ফ্লিপকাৰ্ট গ্ৰুপৰ জীভেছৰ মুখ্য কাৰ্যবাহী বিষয়া নিপুন শৰ্মাই কয়, ‘এই বিগ বিলিয়ন ডে-ত ঘৰুৱা সঁজুলি, ম’বাইল, আইটি সামগ্ৰী, আচবাব আৰু উপভোক্তা ইলেক্ট্ৰনিকছৰ বিক্ৰী-পৰৱৰ্তী সেৱাত উৎসৱৰ বতৰত আশা কৰা চাহিদা বৃদ্ধি পূৰণ কৰিবলৈ আমি ভালদৰে প্ৰস্তুত।”