ফ্লিপকাৰ্টৰ ‘ফ্লিপকাৰ্ট ৰিছেট ফৰ বিজনেছ’ মুকলিয়ে সবল কৰিছে বিক্ৰেতা আৰু সাধাৰণ লোকসকলক

84

ফ্লিপকাৰ্টে দেশৰ নৱীকৃত সামগ্ৰী বিক্ৰেতাসকলৰ বাবে পৰিৱেশ ন ৰূপত সংজ্ঞায়িত কৰি আজি মুকলি কৰিলে ফ্লিপকাৰ্ট ৰিছেট ফৰ বিজনেছ, যি এটা নিৰ্দিষ্ট বি টু বি এপ, এই এপটো সৰু আৰু বৃহৎ খুচুৰা বিক্ৰেতা উভয়কে শক্তিশালী কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এই ব্যৱহাৰকাৰী-অনুকূল প্লেটফৰ্মে গুণগত মান নিশ্চিত নৱীকৃত স্মাৰ্টফোন আৰু আনুষংগিক সামগ্ৰীৰ এক বিস্তৃত বিকল্প আগবঢ়ায়, এই সকলোবোৰ সেৱা-সামগ্ৰী ইতিমধ্যে বিস্তৃত ৱাৰেণ্টী আৰু জটিল গুণগত পৰীক্ষাৰ দ্বাৰা সমৰ্থিত।

বিশেষকৈ টায়াৰ ২ আৰু ৩ চহৰসমূহত নৱীকৰণ কৰা সামগ্ৰীসমূহৰ চাহিদা আকাশলংঘী হোৱাৰ সময়ত এই এপটো যথেষ্ট সময়োচিত পদক্ষেপ ৰূপে বিবেচিত হৈছে। এই এপৰ জৰিয়তে বিক্ৰেতাসকলে সন্মুখীন হোৱা উল্লেখযোগ্য প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব, য’ত গুণগত মান আৰু অনিয়মিত যোগান শৃংখলৰ বিষয়ে গ্ৰাহকৰ সন্দেহ দূৰীকৰণ ইত্যাদি অন্তৰ্ভুক্ত। উল্লেখযোগ্য যে, দেশৰ বিক্ৰেতাসকলে যিকোনো পৰিমাণৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে, যাৰ ফলত নূন্যতম অৰ্ডাৰৰ নিষেধাজ্ঞা নোহোৱা কৰিছে, যাৰ ফলত কাৰ্যকৰী নমনীয়তা বৃদ্ধি পায়।

এই পদক্ষেপৰা জৰিয়তে স্থানীয় খুচুৰা বিক্ৰেতাসকলে যথেষ্ট লাভ কৰিবলৈ সক্ষম হ’ব। ক্ৰমান্বয়ে সুলভ মূল্যৰ প্ৰযুক্তিৰ সমাধান বিচৰা বৃদ্ধি পোৱা জনসংখ্যাৰ সৈতে এই সেৱাই দীৰ্ঘদিনীয়া সমস্যাৰ মোকাবিলা কৰিব। ইয়াৰ ফলত স্থানীয় বিক্ৰেতাসকলে বৰ্ধিত গ্ৰাহকৰ চাহিদা পূৰণ কৰিব পাৰিব আৰু লগতে নিজৰ নিজৰ সম্প্ৰদায়ৰ ভিতৰত বহনক্ষম উপভোগ পদ্ধতিক প্ৰসাৰিত কৰিব পাৰিব। ফ্লিপকাৰ্টৰ জ্যেষ্ঠ সঞ্চালক আশুতোষ সিং চাণ্ডেলে এই বিষয়ে কয় যে, “আমাৰ মিছন হৈছে বিক্ৰেতাসকলক শক্তিশালী কৰা আৰু বৃত্তাকাৰ অৰ্থনীতিক সমৰ্থন কৰা।” বৰ্তমান এই প্লেটফৰ্মে দেশৰ ৮০০ খনতকৈও অধিক চহৰক সেৱা আগবঢ়াই আছে আৰু আহি থকা দিনত ইয়াৰ যথেষ্ট সম্প্ৰসাৰণ হ’ব। যাৰ ফলত স্থানীয় বজাৰত বৃদ্ধি আৰু বহনক্ষমতাৰ অধিক উত্তৰণ হ’ব।