ফ্লিপকাৰ্টে পুনৰ আগবঢ়াইছে  ‘ক্ৰাফ্টেড বাই ভাৰত’ সমৰ্থ বিক্ৰী

284

ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে আজি ভাৰতৰ ৭৫সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ২৬ জানুৱাৰীত আয়োজন কৰা ফ্লেগশ্বিপ বিক্ৰী অনুষ্ঠান ‘ক্ৰাফ্টেড বাই ভাৰত’ৰ সপ্তম সংস্কৰণৰ কথা আজি ঘোষণা কৰিছে। এই স্পেচিয়েল অনুষ্ঠানটো সমগ্ৰ দেশজুৰি নিৰ্মিত সাংস্কৃতিকভাৱে প্ৰসিদ্ধ ব্ৰেণ্ডসমূহৰ পৰা হস্তশিল্প আৰু হস্ততাঁতৰ এক বিস্তৃত বিন্যাস প্ৰদৰ্শন কৰি ভাৰতৰ জীৱন্ত সংস্কৃতি আৰু সমৃদ্ধ ঐতিহ্য উদযাপনৰ বাবে বিশেষভাৱে উৎসৰ্গিত। এই অনুষ্ঠানত ১ লাখ অনন্য হস্তশিল্পৰ সামগ্ৰী আৰু দেশজুৰি প্ৰস্তুত সাংস্কৃতিকভাৱে প্ৰখ্যাত ব্ৰেণ্ডৰ বিস্তৃত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হ’ব।

দেশৰ বৈচিত্ৰ্যময় সাংস্কৃতিক ঐতিহ্যক স্মৰণীয় কৰি তুলিবলৈ এই অনুষ্ঠানত বিভিন্ন পৰম্পৰাগত কলাৰ সৃজনিশীল ৰূপ যেনে পশ্চিং বংগৰ তাণ্ট, বিহাৰৰ ভগৰপুৰী, অন্ধ্ৰ প্ৰদেশৰ কালামকাৰী, ছত্তীশগড়ৰ ডোক্ৰা, মধ্য প্ৰদেশৰ গণ্ড আৰু ৩০০+ বিভিন্ন কলাৰ ওপৰত আলোকপাত কৰা হ’ব। বজাৰৰ অভিজ্ঞতা বৃদ্ধি কৰিবলৈ ফ্লিপকাৰ্টে নিজৰ প্লেটফৰ্মত ‘ক্ৰাফ্টেড বাই ভাৰত’ বিক্ৰী অনুষ্ঠানৰ বাবে মহিলা বিক্ৰেতাৰ সামগ্ৰীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি এক সমৰ্পিত ষ্টৰফ্ৰণ্ট প্ৰদৰ্শন কৰিব। এই প্ৰয়াসৰ উদ্দেশ্য হৈছে বজাৰত মহিলা উদ্যোগীসকলৰ স্বকীয়তা আৰু সৃজনশীলতাক সন্মান জনোৱা। তদুপৰি পূৰ্বৰ অনুষ্ঠানৰ পৰা এই বছৰ ২৫০+ নতুন বিক্ৰেতা যোগ দিয়া হৈছে, যিয়ে গ্ৰাহকসকলৰ বাবে এক বিস্তৃত প্ৰকাৰ আৰু বিবিধতা প্ৰদান কৰিব। এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ স্থানীয় ব্যৱসায়ীসকলৰ লগতে অসংখ্য চৰকাৰী আৰু ব্যক্তিগত ব্ৰেণ্ডৰ সক্ৰিয় অংশগ্ৰহণৰ সাক্ষী হ’ব যিয়ে ১.৭৬+ মিলিয়নতকৈ অধিক জীৱিকাৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। গ্ৰাহকে বহুতো সামগ্ৰীৰ ওপৰত ব্যতিক্ৰমী মূল্যৰ অফাৰ আশা কৰিব পাৰে, যিয়ে ভাৰতৰ গভীৰ সাংস্কৃতিক ঐতিহ্যক সমৰ্থন আৰু জড়িত হোৱাৰ সুযোগ প্ৰদান কৰিব।

এই ইভেণ্টে প্ৰদান কৰিবলগীয়া সুযোগসমূহৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি ফ্লিপকাৰ্ট গ্ৰুপৰ মুখ্য কৰ্পৰেট পৰিক্ৰমা বিষয়া ৰাজনীশ কুমাৰে কয় যে, “এই গণৰাজ্য দিৱসত ‘ক্ৰাফ্টেড বাই ভাৰত’ পদক্ষেপৰ জৰিয়তে বিভিন্ন অঞ্চলৰ গভীৰ সাংস্কৃতিক গাঁথা আৰু হস্তশিল্পৰ অনন্য সামগ্ৰী প্ৰদৰ্শনৰ বাবে কিউৰেট কৰা হৈছে, যিয়ে ভাৰতৰ ঐতিহ্যৰ নতুন সোৱাদ আগবঢ়াইছে।”