জনপ্ৰিয় ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে ‘বিগ এণ্ড অৱ ছিজন চেল’ ঘোষণা কৰিছে। ‘বিগ এণ্ড অৱ ছিজন চেল’ত সমগ্ৰ ভাৰতত প্ৰায় ২ লাখ বিক্ৰেতা আৰু ১০,০০০+ ব্ৰেণ্ডক একত্ৰিত কৰি সমগ্ৰ দেশৰ লাখ লাখ গ্ৰাহকৰ মাজলৈ ফেশ্বন, সৌন্দৰ্য আৰু জীৱনশৈলীৰে জড়িত সামগ্ৰীৰ বিকল্প বাচনিৰ সুবিধা পাব। সপ্তাহজোৰা এই ইভণ্টে গ্ৰাহকক ইমেজ চাৰ্ছ, ভিডিঅ’ কেটালগ, ভাৰ্চুৱেল ট্ৰাই-অন, ভিডিঅ’ কমাৰ্চ আৰু টপ ফিল্টাৰৰ দৰে প্ৰযুক্তিৰ সহায়ত এক পৃথক বজাৰৰ অভিজ্ঞতা লাভ কৰিব।
ফ্লিপকাৰ্টে ডিজিটেল-ফাৰ্ষ্ট ব্ৰেণ্ডৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ বৃদ্ধি প্ৰত্যক্ষ কৰিছে। এই শ্ৰেণীৰ জৰিয়তে ফ্লিপকাৰ্টলৈ ৪০%তকৈ অধিক নতুন গ্ৰাহক আহিছে। সমগ্ৰ দেশতে বৃদ্ধি পোৱা গ্ৰাহকৰ এই আধাৰক কাৰ্যকৰী ৰূপত সেৱা আগবঢ়াবলৈ লৈছে বিশেষ পদক্ষেপ। ফ্লিপকাৰ্ট বিক্ৰেতাসকলক এক শক্তিশালী ছাপ্লাই চেইনৰ দ্বাৰা সমৰ্থন জনাই PAN ইণ্ডিয়াৰ সকলো সেৱাযোগ্য অঞ্চললৈ ডেলিভাৰী আগবঢ়াইছে। এণ্ড অৱ ছিজন ছেলে সহজ অভিগম্যতা বিকল্প বিচাৰি থকা ক্ৰেতাৰ বাবে ‘বাই নাও, পে লেটাৰ’ অফাৰ বৃদ্ধি কৰিব। ২০২৩ চনৰ ১ জুনত আৰম্ভ হোৱা এই সেৱাই গ্ৰাহকক এক সুকীয়া বজাৰ অভিজ্ঞতা প্ৰদান কৰিব।
এই অনুষ্ঠানটোৰ সন্দৰ্ভত ফ্লিপকাৰ্ট ফেশ্বনৰ জ্যেষ্ঠ সঞ্চালক অভিষেক মালুৱে কয় যে, “ফ্লিপকাৰ্টত ‘এণ্ড অৱ ছিজন চেল’ প্ৰকৃতাৰ্থত আমাৰ বাবে এক উৎসৱ। ই আমাৰ পৰিৱেশ তন্ত্ৰৰ অংশীদাৰসকলৰ বাবে আনন্দ কঢ়িয়াই অনাৰ এক সুযোগ।”
