চাৰিখন দেশৰ ৯ দিনীয়া ভ্ৰমণসূচী আৰম্ভ কৰিছে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

62

বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই চাৰিখন দেশলৈ ৯ দিনীয়া চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছে। মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৩০ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ মেক্সিকোত থাকিব, মেক্সিকোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ ক্লডিয়া শ্বেইনবাউমৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিব। মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ভ্ৰমণ আৰু শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণে দুয়োখন দেশৰ উল্লেখযোগ্য ৰাজনৈতিক আৰু অৰ্থনৈতিক অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰা মেক্সিকোৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে। মেক্সিকো ভ্ৰমণৰ পিছত মন্ত্ৰীজনে গ্ৰেনাডা (২-৪ অক্টোবৰ), বাৰ্বাডোছ (৪-৬ অক্টোবৰ) আৰু এণ্টিগুৱা আৰু বাৰ্বুডা (৬-৮ অক্টোবৰ) ভ্ৰমণ কৰিব। এই ৯ দিনীয়া ভ্ৰমণৰ লক্ষ্য হৈছে লেটিন আমেৰিকা আৰু কেৰিবিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰা।

এক চৰকাৰী বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, “২০১৮ চনৰ মে’ মাহত প্ৰথমবাৰলৈ ভাৰতৰ মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণৰ পাছত দ্বিতীয়বাৰলৈ কোনো এজন মন্ত্ৰীয়ে গ্ৰেনাডা ভ্ৰমণ কৰিব। আনহাতে, বাৰ্বাডোছত মন্ত্ৰীগৰাকীয়ে পাৰস্পৰিক স্বাৰ্থৰ সৈতে জড়িত ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিব আৰু অন্তিম পৰ্যায়ত এণ্টিগুৱা ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব।” মন্ত্ৰালয়ৰ মতে, মন্ত্ৰী মাৰ্ঘেৰিটাৰ এই ভ্ৰমণসূচীত মূলতঃ এই দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। ইয়াৰ উপৰিও দেশকেইখনৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক ব্যক্তি, ব্যৱসায়িক নেতৃত্ব আৰু উদ্যোগ জগতৰ প্ৰতিনিধিকো সাক্ষাৎ কৰিব। আইটিইচিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, ভাৰতীয় প্ৰব্ৰজনকাৰী তথা প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰাৰ লগতে দ্বিপাক্ষিকভাৱে ৰূপায়িত প্ৰকল্পৰ স্থানসমূহো পৰিদৰ্শন কৰিব।

এই ভ্ৰমণে ভাৰত, লেটিন আমেৰিকা আৰু কেৰিবিয়ান ৰাষ্ট্ৰসমূহৰ মাজত ভাৰতৰ গভীৰ সম্পৰ্কক আলোকপাত কৰিছে, যিয়ে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ককো সুদৃঢ় কৰিব। ইয়াৰ দ্বাৰা গ্ল’বেল চাউথৰ আমাৰ অংশীদাৰসকলৰ সৈতে বৰ্ধিত সহযোগিতাৰ পথ মুকলি হ’ব বুলি আশা কৰা হৈছে।