শিল্পী-কাৰিকৰক সবলীকৰণ আৰু যুৱক-যুৱতীসকলক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা ফ্লিপকাৰ্টৰ সমৰ্থে সম্পূৰ্ণ কৰিলে ৫ বছৰ

113

দেশৰ আগশাৰীৰ ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে শিল্পী, শিপিনী, কাৰিকৰ, আত্মসহায়ক গোট, মহিলা আৰু গ্ৰাম্য উদ্যোগীসকলক শক্তিশালী কৰাৰ বাবে সমৰ্পিত এক অনুষ্ঠান সমৰ্থৰ ৫ বছৰীয়া মাইলৰ খুঁটি উদযাপন কৰিছে। ২৫০তকৈও অধিক উদ্যোগখণ্ডৰ নেতৃবৃন্দ আৰু অংশীদাৰসকলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক উন্নত কৰাৰ ক্ষেত্ৰত ফিল্পকাৰ্টৰ সমৰ্থৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰী আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)ৰ অন্যান্য বিশিষ্ট বিষয়াসকলে উপস্থিত সৌষ্ঠৱ বৃদ্ধি কৰে।


এই অনুষ্ঠানৰ অন্য়তম উল্লেখযোগ্য দিশ আছিল ফ্লিপকাৰ্টৰ চাপ্লাই চেইন অপাৰেচন একাডেমী (এছচিঅ’এ) আৰু এমএছডিইৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (পিএমকেভিৱাই) ৪.০ৰ অধীনত সম্পন্ন এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতৰ হাজাৰ হাজাৰ যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধি কৰা, ই-কমাৰ্চ আৰু যোগান শৃংখল খণ্ডত উঠি অহা প্ৰজন্মৰ নিয়োগযোগ্যতা বৃদ্ধি কৰা। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত শ্ৰেণীকোঠাত ৭ দিনীয়া পাঠদান আৰু পাঠ গ্ৰহণৰ পিছত ফ্লিপকাৰ্টৰ সুবিধা কেন্দ্ৰসমূহত ৪৫ দিনৰ হাতে কামে অভিজ্ঞতা লাভৰ ব্যৱস্থা কৰা হয়। মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই পদক্ষেপৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰী চৌধুৰীয়ে ডিজিটেল ক্ষেত্ৰখনত পৰম্পৰাগত শিল্পকলাক একত্ৰিত কৰাৰ ক্ষেত্ৰত ফ্লিপকাৰ্টৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। ফ্লিপকাৰ্টৰ মুখ্য কৰ্পৰেট পৰিক্ৰমা বিষয়া ৰাজনীশ কুমাৰে ১.৮ মিলিয়ন লোকৰ জীৱিকাৰ ওপৰত এই কাৰ্যসূচীৰ ইতিবাচক প্ৰভাৱ আৰু ১০০ৰো অধিক পৰম্পৰাগত কলাৰ সংৰক্ষণৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে।


এই অনুষ্ঠানতে ফ্লিপকাৰ্ট এপৰ ‘সমৰ্থ ষ্টৰফ্ৰণ্ট’ ব্যৱস্থা মুকলি কৰা হয়, যাৰ দ্বাৰা শিল্পী আৰু এমএছএমইসমূহক ৰাষ্ট্ৰীয় বজাৰত অভূতপূৰ্ব সহজ প্ৰৱেশৰ সুযোগ প্ৰদান কৰা হৈছে। এই ভাৰ্চুৱেল প্লেটফৰ্মৰ লক্ষ্য হৈছে ফেষ্টিভ ছিজনৰ পূৰ্বে বজাৰৰ প্ৰসাৰ বৃদ্ধি কৰা। গুৱাহাটীৰ লগতে সমগ্ৰ অসমতো ফ্লিপকাৰ্টৰ সমৰ্থ কাৰ্যসূচীয়ে স্থানীয় কাৰুশিল্পী আৰু শিপিনী-ভাস্কৰসকলক এই প্লেটফৰ্মৰ জৰিয়তে অধিক গ্ৰাহক লাভ কৰি উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। এই প্ৰচেষ্টাই আঞ্চলিক কাৰুশিল্পক সমৰ্থন কৰিব আৰু অঞ্চলটোৰ শিল্পীসকলক নিজৰ সামগ্ৰীসমূহ সমগ্ৰ ভাৰতৰ এক বিস্তৃত গ্ৰাহকৰ সমুখত প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিব।