এই স্বাধীনতা দিৱসত ভাৰতৰ ই-কমাৰ্চ মাৰ্কেট ফ্লিপকাৰ্টে শিপিনী, শিল্পী আৰু হস্তশিল্পৰ সৈতে জড়িত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপনৰ বাবে ভাৰতৰ ফ্লেগশ্বিপ চেল ইভেণ্ট ‘ক্ৰাফটেড বাই ভাৰত’ৰ পঞ্চম সংস্কৰণ মুকলিৰ কথা ঘোষণা কৰিছে। এই ইভেণ্টত ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাচীন ঐতহ্যক প্ৰতিনিধিত্ব কৰা দক্ৰা, টাণ্ট আৰু কলমকাৰিকে ধৰি দেশৰ ৩০০ৰো অধিক বিভিন্ন কলাৰ ১০০০ৰো অধিক সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব। এই বিক্ৰী অনুষ্ঠানৰ বাবে ফ্লিপকাৰ্টৰ সমৰ্পিত এক নিৰ্দিষ্ট ষ্ট’ৰফ্ৰণ্ট থাকিব, য’ত মহিলা বিক্ৰেতাৰ সামগ্ৰীৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হ’ব। শিল্পী, শিপিণী, বিশেষভাৱে সক্ষম লোক, আত্মসহায়ক গোট আৰু দেশৰ চৰকাৰী এম্পৰিয়ামৰ মহিলাসকলেও ফ্লিপকাৰ্ট সমৰ্থ প্ৰগ্ৰামৰ সৈতে জড়িত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব, য’ত দেশত নিৰ্মিত হস্তশিল্প আৰু থলুৱা সাংস্কৃতিক সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হ’ব।
দেশৰ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ লগতে অন্যান্য চহৰ আৰু গ্ৰামাঞ্চলত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত ব্ৰেণ্ডৰ লগতে স্থানীয় ব্যৱসায়ীসকলেও এই অনুষ্ঠানৰ অংশ হিচাপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানটো ফ্লিপকাৰ্টৰ সমৰ্থিত শিল্পী, শিপিণী আৰু হস্তশিল্প নিৰ্মাতা বা শিল্পীৰ সৈতে অংশীদাৰিত্বৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ, যাৰ ফলত দেশজোৰা ৪৫ কোটিতকৈ অধিক গ্ৰাহকৰ বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হয়। ফ্লিপকাৰ্টে চৰকাৰৰ ‘আত্মনিৰ্ভৰ ভাৰত’ দৃষ্টিভংগীক পূৰ্ণৰূপে সমৰ্থন কৰাৰ লগতে এই সম্প্ৰদায় বা লোকসকলৰ জীৱিকাৰ পৰিৱৰ্তনত সহায় কৰিছে।
ফ্লিপকাৰ্ট গ্ৰুপৰ চীফ কৰ্প’ৰেট এফেয়াৰ্ছ অফিচাৰ ৰাজনীশ কুমাৰে কয় যে, “এই স্বাধীনতা দিৱসৰ ‘ক্ৰাফটেড বাই ভাৰত’ চেল ইভেণ্ট হৈছে বিশেষভাৱে প্ৰস্তুত কৰা প্ৰদৰ্শনী। য’ত গ্ৰাহকে বিভিন্ন প্ৰান্তৰ প্ৰোথিত সাংস্কৃতিক কাহিনী আৰু হাতেৰে বোৱা সৃষ্টি বা হস্তশিল্পৰ অনন্য সামগ্ৰী অন্বেষণ কৰিব পাৰে, যিয়ে বিভিন্ন অঞ্চলৰ ঐতিহ্যৰ সোৱাদ আগবঢ়াইছে।”