ফ্লিপকাৰ্টে দুচকীয়া বাহনবজাৰৰ অভিজ্ঞতাক পুনৰ সংজ্ঞায়িত কৰি উৎসৱৰ বতৰৰ বাবে সাজু হৈছে

90

দেশৰ আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে ফেষ্টিভ ছিজনৰ প্ৰাক্ ক্ষণত পেট্ৰ’ল আৰু ইলেক্ট্ৰিক বাহনৰ বৈচিত্ৰ্যপূৰ্ণ বিকল্প আগবঢ়াই দুচকীয়া বাহনৰ বজাৰ কৰাৰ পৰিৱেশক ৰূপান্তৰিত কৰি ন ৰূপ দিছে। ভাৰতৰ ১২,০০০তকৈ অধিক পিন ক’ড অঞ্চল আৰু ৭০০খন চহৰৰ গ্ৰাহকে এতিয়া হিৰো, বাজাজ, টিভিএছ আৰু অ’লাৰ দৰে শীৰ্ষ ব্ৰেণ্ডৰ বিভিন্ন বিকল্প অন্বেষণ কৰিব পাৰিব, এই সকলোবোৰ বাহনতে স্বচ্ছ অন-ৰোড মূল্য নিৰ্ধাৰণৰ লগতে নমনীয় বিত্তীয় বিকল্পৰো আকৰ্ষণীয় সুবিধা আছে।

যোৱা বৰ্ষৰ তুলনাত ২০২৪ৰ আগষ্ট মাহত ফ্লিপকাৰ্টত দুচকীয়া বাহনৰ চাহিদা ছগুণ বৃদ্ধি পাইছে, যিয়ে পেট্ৰ’ল আৰু ইলেক্ট্ৰিক দুয়োটা মডেলৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহক প্ৰৌজ্বল কৰি তুলিছে। গ্ৰাহকৰ ক্ৰয় অভিজ্ঞতা বৃদ্ধি কৰিবলৈ ফ্লিপকাৰ্টে নিমজ্জিত থ্ৰীডি আৰু অগমেণ্টেড ৰিয়েলিটী সঁজুলিৰ দৰে বৈশিষ্ট্য প্ৰদান কৰে, যাৰ ফলত গ্ৰাহকে নিজৰ নিজৰ সম্ভাৱ্য ক্ৰয় ক্ষমতা অনুসৰি সমগ্ৰ দৃশ্যপ্ট কল্পনা কৰিব পাৰে।

ফ্লিপকাৰ্টৰ ইলেক্ট্ৰনিকছৰ উপাধ্যক্ষ জগজিৎ হাৰোদে গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “আমাৰ লক্ষ্য হৈছে চহৰীয়া বা অৰ্ধ-নগৰ অঞ্চলৰে হওঁক, প্ৰতিজন গ্ৰাহকে সহজে নিখুঁত দুচকীয়া বাহন বিচাৰি উলিয়াব আৰু ক্ৰয় কৰাৰ বাবে আমি সকলো ব্যৱস্থা আগবঢ়াইছোঁ।” সমগ্ৰ অসমত বৈদ্যুতিক দুচকীয়া বাহনৰ প্ৰতি আগ্ৰহ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে, যি বহনক্ষম যাতায়তৰ প্ৰতি দেশজুৰি প্ৰৱণতাৰ সৈতে সংগতি ৰাখিছে। ফ্লিপকাৰ্টে প্ৰতিনিয়ত উদ্ভাৱন অব্যাহত ৰাখিছে, ফ্লিপকাৰ্টৰ ব্যৱহাৰকাৰী-অনুকূল প্লেটফৰ্মৰ জৰিয়তে দুচকীয়া বাহনৰ বজাৰৰ জৰিয়তে গ্ৰাহকসকলৰ কাষ চাপি তাক ন ৰূপত নিৰ্ধাৰণ কৰিবলৈ সাজু হৈছে, যাৰ ফলত এই ফেষ্টিভ ছিজনত ইয়াক এক সুবিধাজনক আৰু বজাৰ কৰাৰ সঠিক অভিজ্ঞতা গঢ়ি তুলিব।