ফ্লিপষ্টাৰ্ছ এৱাৰ্ডত আগশাৰীৰ বিক্ৰেতাক স্বীকৃতি আৰু বঁটা প্ৰদান ফ্লিপকাৰ্টৰ

378

ভাৰতৰ স্বদেশী ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে নতুন দিল্লীৰ চিৰি ফ’ৰ্ট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ফ্লিপষ্টাৰ্ছ ২০২৩ অনুষ্ঠানত বিক্ৰেতাসকলৰ সাফল্যক সন্মানিত কৰে। ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, মধ্যম আৰু মজলীয়া উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভানু প্ৰতাপ সিং বাৰ্মা, ফ্লিপকাৰ্ট গ্ৰুপৰ মুখ্য কৰ্পৰেট পৰিক্ৰমা বিষয়া ৰাজনীশ কুমাৰ আৰু অপাৰশক্তি খুৰানা, লাৰা দত্ত, অমিত ত্ৰিবেদীৰ দৰে চেলিব্ৰিটি/শিল্পীয়ে উপস্থিত থাকে এই অনুষ্ঠানত। ‘ফ্লিপষ্টাৰ্ছ’ বঁটা হৈছে ফ্লিপকাৰ্টৰ সৈতে জড়িত বিক্ৰেতাসকলৰ কৃতিত্বক স্বীকৃতি প্ৰদান কৰা আৰু এইসকল বিক্ৰেতাৰ সফলতাক উদযাপন কৰা এক বাৰ্ষিক অনুষ্ঠান। এই বঁটাসমূহে বিক্ৰেতাসকলৰ গ্ৰাহকৰ চাহিদা পূৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাক স্বীকৃতি প্ৰদান কৰি ব্যৱসায়ত ইতিবাচক প্ৰভাৱ পেলোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৭৫০ জনতকৈ অধিক বিক্ৰেতাই অংশগ্ৰহণ কৰা আৰু জনপ্ৰিয় চেলিব্ৰিটিসকলৰ দ্বাৰা পৰিৱেশিত এই অনুষ্ঠানটো আছিল এই প্লেটফৰ্মত উল্লেখযোগ্য সফলতা লাভ কৰা ব্যক্তিসকলৰ বাবে এক উদযাপন।

বঁটা প্ৰদান অনুষ্ঠানত নিজৰ অভিমত ব্যক্ত কৰি ভাৰত চৰকাৰৰ এমএছএমই বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভানু প্ৰতাপ সিং বাৰ্মাই কয় যে, ” আমি সকলো ফ্লিপষ্টাৰ্ছ বঁটা বিজয়ীক অভিনন্দন জনাইছোঁ আৰু আন লোকসকলক ডিজিটেল বিপ্লৱৰ পন্থা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব, যাৰ ফলত নিজৰ ব্যৱসায়ক নতুন শিখৰলৈ লৈ যাবলৈ সক্ষম হ’ব।”

ফেষ্টিভ ছিজনত ফ্লিপকাৰ্টত শ্বপচিকে ধৰি ১৪ লাখৰো অধিক ব্যৱসায়ৰ অংশগ্ৰহণে পূৰ্বৰ বছৰৰ তুলনাত বিক্ৰেতাৰ ভিত্তিত ৩০% উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ফ্লিপকাৰ্টে ২০২৩ চনত আৰম্ভ কৰিছিল ‘ফ্লিপকাৰ্ট এজ’ৰ তৃতীয় পৰ্যায়, য’ত বিক্ৰেতা-কেন্দ্ৰিক নীতি, দেশজোৰা কনক্লেভ আৰু প্ৰচাৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল।  যাৰ উদ্দেশ্য হৈছে নতুন সুবিধাৰ জৰিয়তে বৰ্ধিত স্পষ্টতা, নিয়ন্ত্ৰণ আৰু স্বচ্ছতাৰ সৈতে বিক্ৰেতা পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰা, যিয়ে ফ্লিপকাৰ্ট প্লেটফৰ্মত খৰচৰ দক্ষতা আৰু ব্যৱসায়িক কাৰ্যকলাপৰ বহনক্ষমতা উন্নত কৰাত সহায় কৰিছে।