ৰাজ্যৰ অগ্ৰণী সাংস্কৃতিক চৰ্চাৰ অন্যতম প্ৰতিষ্ঠান হিচাপে পৰিচিত গুৱাহাটীৰ বীৰকুছিস্থিত তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰই জন্মলগ্নৰে পৰা উঠি অহা নতুন প্ৰজন্মই যাতে শুদ্ধ ৰূপত অসমৰ গৌৰৱ জ্যোতি সংগীত , বিষ্ণু ৰাভা সংগীত , আদি অনুশীলন কৰিব পাৰে তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।
এই পদক্ষেপৰ অংশহিচাপে বিগত বৰ্ষৰ দৰে এইবেলিও কেন্দ্ৰ চৌহদত অহা ২১ জুলাইৰ পৰা ২৫ জুলাইলৈ এক পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰৰ অধ্যক্ষা তুলিকা ভূঞা বৰুৱাৰ তত্বাৱধানত অনুষ্ঠিত হবলগীয়া কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব সংগীত নাটক অকাডেমী বঁটা প্ৰাপক তথা পদ্মশ্ৰী বায়নাচাৰ্য ঘনকান্ত বৰা।
তেনেদৰে সহকাৰী প্রশিক্ষক হিচাপে উপস্থিত থাকিব সংঘমিত্ৰা বৰা আৰু কস্তুৰী কাশ্যপ। কৰ্মশালাত ভাগ লব বিচৰা আগ্ৰহী সকলক এই বিষয়ে জানিবলৈ বিচাৰিলে ৭০৮৬০ ৪৩৬১০ , ৮৮২২১০০৩৭৩ বা ৭০০২১৪৭৬৮৭ মবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে বুলি কেন্দ্ৰৰ সূত্ৰত প্ৰকাশ।
