শোণিতপুৰ জিলা প্ৰশাসনে কেইবাবছৰ ধৰি তেজপুৰত বসবাস কৰি বিদেশী বুলি ঘোষণা কৰা চাৰিগৰাকী মহিলাকে ধৰি পাঁচজন লোকক ২৪ ঘন্টাৰ ভিতৰত ৰাজ্য ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলা প্ৰশাসনে জনোৱা অনুসৰি হানুফা, মৰিয়াম নেছা, ফাতিমা, মনোৱাৰা আৰু আমজাদ আলীক বিদেশী ঘোষণা কৰা হৈছে, আটাইকেইজনেই বাংলাদেশী নাগৰিক। জামুগুৰিহাট থানা এলেকাৰ অন্তৰ্গত ধোবোকাটা গাঁৱত বাস কৰিছিল।
২ নং শোণিতপুৰ বিদেশী ন্যায়াধিকৰণে জিলাখনৰ আৰক্ষী অধীক্ষকে (সীমা) দাখিল কৰা পৃথক পৃথক গোচৰত ২০০৬ চনত এই পাঁচজনক বিদেশী নাগৰিক (ডি এফ এন) বুলি ঘোষণা কৰিছিল। জিলা উপায়ুক্ত এ.কে. দাসে জাননীখনত উল্লেখ কৰিছে যে তেওঁলোকে জনস্বাৰ্থ আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ খাতিৰত ৰাজ্য এৰি যাব লাগে। ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইনৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি দাসে জাননী লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্য এৰি যাবলৈ নিৰ্দেশ দিয়ে।
ধুবুৰী, শ্ৰীভূমি, অথবা দক্ষিণ ছালমাৰা-মানকাচৰ পথেৰে দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে পাঁচজন বিদেশীক। জিলা উপায়ুক্তসকলে সকীয়াই দিয়ে যে এই নিৰ্দেশ পালন নকৰিলে কৰ্তৃপক্ষই তেওঁলোকক আইনখনৰ বিধান অনুসৰি ৰাজ্যৰ পৰা বলপূৰ্বকভাৱে বহিষ্কাৰ কৰিবলৈ বাধ্য হ’ব।
