এইচএমডি গ্লোবালে এক বিশেষ উদযাপনৰ প্ৰস্তাৱ ঘোষণা কৰিছে – নতুন নোকিয়া টি-২০ টেবলেট ক্ৰয় কৰা সকলো গ্ৰাহকে ষ্টক শেষ নোহোৱালৈকে ৯৯৯ টকাৰ বিনামূলীয়া ফ্লিপ কভাৰ লাভ কৰিব। এই অফাৰটো এই সপ্তাহৰ পৰা আৰম্ভ হোৱা মুখ্য ৰিটেইল ষ্ট’ৰ, Nokia.com আৰু ফ্লিপকাৰ্টত উপলব্ধ হ’ব।
নোকিয়া টি-২০ হৈছে এইচএমডি গ্লোবেলৰ প্ৰথম টেবলেট। ই ডিজাইন, নিৰ্মাণ মানদণ্ড, অতুলনীয় বেটাৰী জীৱনআৰু সুৰক্ষা আপডেট আৰু আপগ্ৰেডৰ ক্ষেত্ৰত নোকিয়া ফোনৰ স্বাক্ষৰ গুণাগুণএকত্ৰিত কৰে। টেবলেটটোত ৮২০০ এমএএইচ বেটাৰী, ১০.৪ ইঞ্চি 2কে ডিচপ্লেৰ দৰে সুবিধা আছে, শিক্ষাৰ্থীসকলৰ বাবে ইয়াত গুগল কিডছ স্পেচ আছে, যি হৈছে এপ্প, কিতাপ আৰু ভিডিঅ’ অন্বেষণ কৰাৰ বাবে এক নিৰ্ভৰযোগ্য কিডছ-মোড।
নোকিয়া টি-২০ টেবলেটটো ভাৰতত নীলা ৰঙত উপলব্ধ আৰু ৱাই-ফাই ৩জিবি/৩২ জিবি আৰু ৱাই-ফাই৪জিবি/৬৪ জিবি আৰু ৱাই-ফাই + এলটিই ৪জিবি/৬৪ জিবি কনফিগাৰেচনত আহে। সামগ্ৰীটো আগশাৰীৰ ম’বাইল আৰু আইটি ৰিটেইল দোকান, Nokia.com আৰু ফ্লিপকাৰ্টত উপলব্ধ।
