আমেৰিকাত ৫০ বছৰৰ বিৰতিৰ পাছত নতুন তেল শোধনাগাৰ নিৰ্মাণৰ কথা ঘোষণা কৰিলে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। টেক্সাছত স্থাপন হ’বলগীয়া ৩’শ বিলিয়ন ডলাৰৰ এই ঐতিহাসিক প্ৰকল্পত অংশীদাৰ হিচাপে সাঙুৰ খাইছে ভাৰতৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড। আমেৰিকাৰ ইতিহাসৰ এই বৃহত্তম বাণিজ্যিক চুক্তিক লৈ এতিয়া বিশ্বৰ শক্তি বজাৰত তীব্ৰ চৰ্চা আৰম্ভ হৈছে।
নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্মত এই ঐতিহাসিক ঘোষণা কৰি ট্ৰাম্পে কয়, “এই বিয়াগোম বিনিয়োগৰ বাবে মই আমাৰ ভাৰতীয় অংশীদাৰ ৰিলায়েন্সক ধন্যবাদ জনাইছোঁ।” জানিব পৰা মতে, এই নতুন শোধনাগাৰটোৰ পৰা উৎপাদিত ইন্ধন ক্ৰয় কৰিবলৈ ৰিলায়েন্সৰ সৈতে ইতিমধ্যে ২০ বছৰীয়া এক চুক্তি স্বাক্ষৰিত হৈছে। চৰকাৰী অনুজ্ঞাপত্ৰ আৰু কৰ হ্ৰাসৰ সুফলৰ বাবেই এই মেগা ডীল সম্ভৱ হৈ উঠিছে।
চলতি বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হ’বলগীয়া এই শোধনাগাৰত দৈনিক প্ৰায় ১,৬০,০০০ বেৰেল খাৰুৱা তেল শোধন কৰা হ’ব। ইৰাণৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনি চলি থকাৰ সময়তে আমেৰিকাই এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। সম্পূৰ্ণৰূপে আমেৰিকান শ্বেল অইলৰ ওপৰত ভিত্তি কৰি চলিবলগীয়া এই প্ৰকল্পই দেশখনৰ ৰাষ্ট্ৰীয় সুৰক্ষা অধিক শক্তিশালী কৰিব।
প্ৰায় ৫ দশকৰ পাছত স্থাপন হ’বলগীয়া এই গ্রীনফিল্ড শোধনাগাৰটোৱে সংশ্লিষ্ট অঞ্চলটোত হাজাৰ হাজাৰ লোকৰ সংস্থাপনৰ পথো মুকলি কৰিব। ট্ৰাম্প প্ৰশাসনে দাবী কৰা অনুসৰি, এই ঐতিহাসিক বিনিয়োগে আমেৰিকাক বিশ্বৰ শক্তিৰ বজাৰত পুনৰ শক্তিশালী আধিপত্য প্ৰদান কৰিব।
