মেট্ৰ’পলিছ হেল্থকেয়াৰ লিমিটেডে নগাঁৱত তেওঁলোকৰ প্ৰথমটো এডভান্সড ডায়েগনষ্টিক টেষ্টিং চেণ্টাৰ(উন্নত ৰোগ নিৰ্ণয় পৰীক্ষা কেন্দ্ৰ) মুকলি কৰাৰ কথা ঘোষণা কৰিছে। যি হৈছে ভাৰতৰ আগশাৰীৰ ডায়েগনষ্টিক সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান। ২০০০ বৰ্গফুট অঞ্চল সামৰি বিস্তাৰিত এই পৰীক্ষাগাৰটোৰ কুইক টাৰ্ণ আউট টাইম(দ্ৰুত ফলাফল সময়)ৰ বিনিময়ত উচ্চ মানদণ্ডৰ প্ৰতিবেদন(হাই কোৱালিটী ৰিপ’ৰ্ট) প্ৰদান কৰি দৈনিক ২৫০তকৈও অধিক নমুনা পৰীক্ষা কৰাৰ ক্ষমতা আছে। ইয়াৰ লগতে মেট্ৰ’পলিছে ধিঙত ৫০০ বৰ্গফুটৰ এটা প্ৰচেছিং চেণ্টাৰ(সংসাধন কেন্দ্ৰ) মুকলি কৰিছে। যাৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে অধিক সংখ্যক ৰোগীক সেৱা আগবঢ়াব পাৰে। সম্পূৰ্ণ নতুন এই গৱেষণাগাৰটো উদ্বোধন কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে: “নগাঁৱত ৰোগীসকলক সেৱা আগবঢ়োৱাৰ বাবে মেট্ৰ’পলিচৰ নতুন আৰু উন্নত ৰোগ নিৰ্ণয় কেন্দ্ৰক আমি স্বাগতম জনাইছোঁ। আজিৰ সময়ত মানুহে নিজৰ স্বাস্থ্য আৰু প্ৰতিৰোধমূলক পৰীক্ষাৰ প্ৰতি অধিক সচেতন হৈ পৰাৰ লগতে যিকোনো ৰোগৰ পিছৰ পৰ্যায়ৰ জটিলতাৰ পৰা হাত সাৰিবলৈ সময়মতে ৰোগ নিৰ্ণয় কৰাটোও সমানেই গুৰুত্বপূৰ্ণ।
চহৰখনত এনে এক প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় ৰোগ নিৰ্ণয় শৃংখলাৰ উপস্থিতিয়ে আশ্বাসজনক বতৰা কঢ়িয়াই আনিছে। ইয়াৰ লগে লগে মই চহৰখনৰ সকলোবোৰ লোকক নিয়মীয়াকৈ নিজৰ আৰু পৰিয়ালৰ বাবে অত্যাৱশ্যকীয় পৰীক্ষাসমূহ সময়মতে কৰিবলৈ আহ্বান জনাইছো।” নতুন লেবটোৰ সন্দৰ্ভত মেট্ৰ’পলিচ হেল্থকেয়াৰ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেন্দ্ৰন চেমেনকোটিলে কয়, “আমাৰ বিশ্বমানৰ ৰোগ নিৰ্ণয় সেৱাসমূহ সমগ্ৰ দেশৰ টায়াৰ ২ আৰু টায়াৰ ৩ চহৰলৈ সম্প্ৰসাৰিত কৰাৰ আমাৰ চলিত অভিযানৰ সৈতে সামঞ্জস্য ৰাখি মুকলি কৰি হৈছে নতুন লেবটো। নগাঁও চহৰত আমাৰ উপস্থিতি চহৰখনৰ বাবে সুস্বাস্থ্যৰ উপহাৰ হ’ব। বাস্তৱসন্মত টাৰ্ণআউট সময়, শুদ্ধতা আৰু বহুল স্মাৰ্ট প্ৰতিবেদনৰ জৰিয়তে, মেট্ৰ’পলিচ হেল্থকেয়াৰে মানুহক সহায় কৰিবলৈ কাম কৰে, আৰু অৱশেষত সমাজে অনুকূল স্বাস্থ্য লাভ কৰাত সহায় কৰিবলৈ কাম কৰে। প্ৰতিদিনে মেট্ৰ’পলিচৰ প্ৰতিটো শাখাই শেহতীয়া অত্যাধুনিক প্ৰযুক্তি আৰু অভিজ্ঞ চিকিৎসকৰ সহায়ত জনস্বাস্থ্যৰ সুবিধাৰ বাবে উচ্চ মানদণ্ডৰ ৰোগ নিৰ্ণয় সেৱা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”
এই বিষয়ে মেট্ৰ’পলিচ হেল্থকেয়াৰ লিমিটেডৰ লেব (নগাঁও)ৰ মুৰব্বী ডাঃ প্ৰাঞ্জল দত্ত(এমবিবিএছ ডিচিপি) মন্তব্য কৰে যে, “এই মেট্ৰ’পলিচ ডায়গনষ্টিক টেষ্টিং চেণ্টাৰটোৱে নিয়মীয়া পেথ’লজীৰ পৰা আৰম্ভ কৰি উন্নত আণৱিক ডায়গনষ্টিকলৈকে বহুতো পৰীক্ষা কম খৰচত সম্পন্ন কৰিবলৈ প্ৰস্তুত কৰা হৈছে। নগাঁৱৰ এই পৰীক্ষাগাৰৰ জৰিয়তে আমি স্থানীয় চিকিৎসালয়, বিশেষজ্ঞ, সাধাৰণ চিকিৎসক আৰু চৰকাৰৰ সৈতে জড়িত হৈ অসমৰ চাৰিওফালৰ বিভিন্ন পৰীক্ষণ কেন্দ্ৰৰ সৈতে শ্বেয়াৰ কৰিবলৈ দায়িত্ব গ্ৰহণ কৰি আনন্দিত হৈছোঁ। ৰোগ চিনাক্তকৰণৰ সকলো পৰ্যায়তে ৰোগীক সহায় কৰাৰ আমাৰ প্ৰতিশ্ৰুতি অটুট থাকিব।” গুৱাহাটীস্থিত মেট্ৰ’পলিচৰ আঞ্চলিক প্ৰসংগ গৱেষণাগাৰ, ‘ইকোপাথ মেট্ৰ’পলিচ লেব’ৰ বিশ্বমানৰ ৰোগ নিৰ্ণয় সেৱা প্ৰদান কৰাৰ এক প্ৰতিষ্ঠিত ট্ৰেক ৰেকৰ্ড আছে আৰু সমগ্ৰ উত্তৰ-পূবৰ চিকিৎসক আৰু চিকিৎসালয়সমূহৰ মাজত আটাইতকৈ বিশ্বাসযোগ্য আৰু পছন্দৰ ব্ৰেণ্ড হিচাপে ব্যাপকভাৱে স্বীকৃত। কেইবা দশকৰ অভিজ্ঞতাৰে সমৃদ্ধ মেট্ৰ’পলিচ লেবৰেটৰীয়ে ইতিমধ্যে ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসংখ্য মানসম্পন্ন স্বীকৃতি লাভ কৰিছে। মেট্ৰ’পলিচে এক বিশাল ৰোগৰ পৰীক্ষা মেনুৰ বাবে ভাৰতীয়সকলৰ বাবে প্ৰাসংগিক পৰিসৰ বিকশিত কৰিছে, যাক এতিয়া সমগ্ৰ দেশৰ হাজাৰ হাজাৰ পৰীক্ষাগাৰে ব্যৱহাৰ কৰি আহিছে। নতুন মেট্ৰ’পলিচ হেল্থকেয়াৰ লিমিটেডৰ পৰীক্ষাগাৰটোৰ ঠিকনা হৈছে শংকৰ মন্দিৰ ৰোড, আমোলাপট্টি, নগাঁও(অসম)।