জনবহুল স্থানত সংঘটিত হ’ল এগৰাকী ৰাজনৈতিক নেতাৰ নৃশংস হত্যাকাণ্ড। পঞ্জাবৰ মডেল টাউন এলেকাৰ গুৰুদ্বাৰৰ সন্মুখত আম আদমী পাৰ্টীৰ নেতা লাকী অবেৰয়ক লক্ষ্য কৰি মটৰ চাইকেলত অহা দুৰ্বৃত্তে গুলীবৰ্ষণ কৰে, য’ত নেতাগৰাকীৰ মৃত্যু সংঘটিত হয়। আৰক্ষীৰ অনুসৰি, অবেৰয়ে গুৰুদ্বাৰৰ বাহিৰত নিজৰ গাড়ী পাৰ্ক কৰি থকাৰ সময়তে দুচকীয়া বাহনত অহা দুৰ্বৃত্তে পাঁচজাকৈ গুলী চলায়। গুৰুতৰভাৱে আহত নেতাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে চিকিৎসকে তেওঁৰ মৃত্যু ঘোষণা কৰে।
এই হত্যাকাণ্ডৰ পিছতে পঞ্জাবৰ ৰাজনীতি উত্তপ্ত হৈছে। বিৰোধী দলৰ নেতা প্ৰতাপ সিং বাজৱাই মুখ্যমন্ত্রীৰ ওপৰত সমালোচনা কৰি কয় যে, আইন-শৃংখলা সম্পূৰ্ণৰূপে খহি পৰিছে। আৰক্ষী এলেকাটো ঘেৰি ধৰিবলৈ আৰু দুষ্কৃতকাৰীৰ সন্ধানত তালাচী অভিযান তীব্ৰ কৰি তুলিছে। হত্যাকাণ্ডৰ তদন্ত আৰম্ভ হৈছে আৰু হত্যাকাৰীক চিনাক্ত কৰিবলৈ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে।
