ভয়ংকৰ অগ্নিকাণ্ডত প্রাণ গ’ল এজনৰ

136

এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ’ল এজন যুৱকৰ। শুই থকা অৱস্থাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বিকাশ শৰ্মাই প্ৰাণ হেৰায়ায়। ইয়াৰোপৰি জ্যেষ্ঠ ভগ্নীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। শুই থকা অৱস্থাত প্ৰাণ হেৰুৱাই এজন যুৱকে।এই ঘটনা সংঘটিত হৈছে তেজপুৰৰ বাৰহলীয়াত। এই ঘটনাই বিকাশৰ পৰিয়ালত শোকৰ ছা পেলোৱাৰ লগতে সমগ্ৰ অঞ্চল জোকাৰি গৈছে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।