ৰাজ্যৰ বিভিন্ন স্থানত বনজুইৰ ঘটনা

6

অসমৰ বিভিন্ন স্থানৰ পৰা আহিছে বনজুইৰ খবৰ। জুইৰ লেলিহান শিখাই আৱৰি পেলাইছে সকলো। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বনজুইৰ ফটো, ভিডিঅ’।খৰালি কালৰ এই সময়চোৱাত অসমৰ বিভিন্ন প্ৰান্তত নদী,হ্ৰদ আদি শুকাই গৈছে লগতে গছ গছনিৰ ডাল পাত, হাবি বননি আদিও বহু পৰিমাণে শুকান হৈ পৰিছে।মঙলবাৰৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনজুই সংঘটিত হোৱাৰ খবৰ আহি পৰে।আমিনগাঁৱৰ জয়গুৰুৰ বাথৌগুৰিত ভয়ংকৰ বনজুই সংঘটিত হয়।ইয়াৰোপৰি বঙাইগাঁৱপ চাপৰাকাটাতো বনজুইৰ ঘটনা সংঘটিত হয়।জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ২৪/৭ অক্লান্তভাৱে কাম কৰি আছে বিভাগীয় বিষয়াসকলে। গতিকে সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাই আৰক্ষীয়ে।