মঙলদৈ চহৰৰ ৫ নং ৱাৰ্ডত শুকুৰবাৰে দুপৰীয়া এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডত জাহ যায় চাৰিটাকৈ বাসগৃহৰ লগতে তিনিটা গেছ চিলিণ্ডৰ মুহূৰ্তত বিস্ফোৰণ হয় । জুইৰ উৎস এতিয়াও ধৰিব পৰা হোৱা নাই যদিও চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনী গাড়ীৰে জুই নুমাবলৈ চেষ্টা চলাই থকা হৈছে। মঙলদৈ ৫ নং ৱাৰ্ডৰ মইনুল হ’কৰ ঘৰৰ পৰা কেইবাঘৰ পৰিয়াললৈ সম্প্ৰসাৰণ হৈছে জুই ৷ ইফালে অগ্নিকাণ্ডৰ ফলত এজন ব্যক্তি অগ্নিদগ্ধ হৈছে ৷
