বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ ‘কা’ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল হোৱা ২০০ৰো অধিক আবেদনৰ চূড়ান্ত শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে। বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে ঘোষণা কৰা অনুসৰি অহা ৫ মে’ৰ পৰা এই গুৰুত্বপূৰ্ণ শুনানি আৰম্ভ হ’ব। ২০১৯ চনৰ পৰা ওলমি থকা এই আবেদনসমূহৰ শুনানি অহা ১২ মে’ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে আদালতে।
প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আদালতে কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে। প্ৰথম পৰ্যায়ত আবেদনকাৰী পক্ষক নিজৰ যুক্তি দাঙি ধৰিবলৈ ডেৰ দিন সময় দিয়া হ’ব। ইয়াৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে এদিনীয়া সময় লাভ কৰিব। আদালতে স্পষ্ট কৰি দিছে যে প্ৰথমে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে প্ৰযোজ্য হোৱা আবেদনসমূহৰ শুনানি গ্ৰহণ কৰা হ’ব আৰু তাৰ পাছতহে অসম তথা ত্ৰিপুৰাৰ সৈতে জড়িত নিৰ্দিষ্ট আৱেদনসমূহ বিবেচনা কৰা হ’ব।
ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ মুখ্য আবেদনসহ আন সকলো পক্ষক অহা চাৰি সপ্তাহৰ ভিতৰত প্ৰয়োজনীয় নথি-পত্ৰ আৰু লিখিত যুক্তি জমা দিবলৈ কোৱা হৈছে। উল্লেখ্য যে, ‘কা’ৰ জৰিয়তে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টান, জৈন আৰু পাৰ্চী ধৰ্মাৱলম্বী শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰে এই আইনখনক চুবুৰীয়া দেশৰ নিৰ্যাতিত সংখ্যালঘুসকলক আশ্ৰয় দিয়াৰ একমানৱীয় পদক্ষেপ বুলি অভিহিত কৰি আহিছে। আনহাতে, বিৰোধী পক্ষ আৰু একাংশ সংগঠনে ইয়াক ধৰ্মনিৰপেক্ষতাৰ বিৰোধী তথা অসাংবিধানিক বুলি দাবী কৰি আহিছে। নিৰ্বাচনৰ প্ৰাকক্ষণত উচ্চতম ন্যায়ালয়ে শুনানিৰ দিন ঘোষণা কৰা কাৰ্যই এতিয়া দেশজুৰি বিশেষ তাৎপৰ্য বহন কৰিছে।
