বাজাজ জেনেৰেল ইঞ্চুৰেন্স লিমিটেডে মঙলবাৰে ভ্রূণৰ স্বাস্থ্য আৰু উন্নত গৰ্ভাশয়ৰ চিকিৎসাক সমৰ্থন কৰাৰ বাবে বিশেষভাৱে ডিজাইন কৰা এক অগ্ৰণী বীমা ৰাইডাৰ ফিটল ফ্ল’ৰিছ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি ১,০২৫ টকাৰ সুলভ প্ৰিমিয়ামতে উপলব্ধ। ১৪ জানুৱাৰীত পুণেত উন্মোচন কৰা নতুন ৰাইডাৰ ফিটল ফ্ল’ৰিছে সাধাৰণতে মানসম্পন্ন পলিচীৰ পৰা বাদ পৰা বিশেষ ভ্ৰুণজনিত প্ৰক্ৰিয়াবোৰ সামৰি লৈ প্ৰসৱ বীমাৰ দীৰ্ঘদিনীয়া ব্যৱধানসমূহ নোহোৱা কৰিবলৈ প্ৰয়াস কৰিছে। এই অফাৰ বীমাকৰ্তাৰ ধ্বজাবাহী প্ৰডাক্ট-মাই হেলথ কেয়াৰ প্লেন আৰু হেলথ গাৰ্ড-ৰ সৈতে এড-অন হিচাপে উপলব্ধ আৰু ই ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাৰ বাবে প্ৰযোজ্য।
ফিটল ফ্লোৰিছে পলিচী আৰম্ভ হোৱাৰ পৰা ৯ মাহৰ ৱেটিং পিৰিয়িডৰ সৈতে আধাৰ স্বাস্থ্য ক্ষতিপূৰণ নীতিৰ অধীনত প্ৰথম দুটা মাতৃত্বকালীন চিকিত্সাৰ বাবে প্ৰতি মাতৃত্বকালীন ঘটনাৰ বিপৰীতে ২ লাখ টকালৈকে বীমাৰ সুবিধা প্ৰদান কৰে। ইয়াত এম্নিয়োচেণ্টেছিছ, ফেট’স্কোপিক লেজাৰ অস্ত্ৰোপচাৰ, ভ্ৰুণ হ্ৰাস, জৰায়ুত ৰূপান্তৰ আৰু স্নায়ু নলীৰ ত্ৰুটি অথবা জন্মগত ডায়েফ্ৰেমেটিক হাৰ্নিয়াকে ধৰি ১৬টা বিশেষ গৰ্ভাশয়ৰ ভিতৰত হ’ব পৰা অৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। ৩৫ বছৰ বয়সৰ পিছত যথেষ্ট মহিলাই সন্তান জন্ম দিয়াৰ ফলত গৰ্ভাৱস্থা সম্পৰ্কীয় বিপদ বৃদ্ধি পোৱাৰ লগে লগে এনে উন্নত ভ্ৰুণ প্ৰক্ৰিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে কিন্তু প্ৰায়ে পৰিয়ালৰ ওপৰত যথেষ্ট আৰ্থিক বোজা আহি পৰে।
বাজাজ জেনেৰেল ইঞ্চুৰেন্সৰ এমডি তথা চিইঅ’ ডাঃ তপন সিংঘেলে এই বিষয়ে সদৰি কৰি কয় যে, নতুনকৈ মুকলি কৰা এই ৰাইডাৰৰ লক্ষ্য হৈছে উচ্চ বিপদাশংকাৰ গৰ্ভধাৰণৰ সময়ত বিত্তীয় চাপ হ্ৰাস কৰা, পৰিয়ালসমূহক চিকিৎসা আৰু ফলাফলৰ ওপৰত গুৰুত্ব দিবলৈ সুযোগ আগবঢ়োৱা। এই শুভাৰম্ভণিয়ে জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত বীমা সুৰক্ষাৰ সৈতে আধুনিক ভ্ৰুণ চিকিৎসাক একত্ৰিত কৰি ভাৰতৰ মাতৃ আৰু প্ৰসৱৰ পূৰ্বে যত্নৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।
