ভাৰতৰ অন্যতম ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠান বেংক অফ বৰোদাই “বেংক অফ বৰোদা ৰাষ্ট্ৰভাষা সন্মান” বঁটা ২০২৩-ৰ প্ৰথম সংস্কৰণৰ বাবে ১২খন উপন্যাসক মনোনয়ন কৰে। এই বঁটাৰ বাবে মনোনীত ১২ খন উপন্যাসৰ ভিতৰত নেপালী উপন্যাস ‘Fatsung’ অন্তৰ্ভূক্ত। দাৰ্জিলিঙত আয়োজিত অনুষ্ঠানটোত মূল লেখিকা চুডেন কাবিমো আৰু অনুবাদক নম্ৰতা চতুৰ্বেদীয়ে ভাৰতীয় সাহিত্যৰ দৃশ্যপট আৰু সমগ্ৰ ভাৰতৰ সাহিত্য সম্প্ৰদায়ৰ বাবে ৰাষ্ট্ৰভাষা সন্মান বঁটাৰ তাৎপৰ্য সম্পৰ্কে এক পেনেল আলোচনাত অংশগ্ৰহণ কৰে।
পুৰস্কাৰ প্ৰাপ্ত কিতাপখনৰ লেখক আৰু অনুবাদকক বেংক অফ বৰোদা ৰাষ্ট্ৰভাষা সন্মান বঁটা প্ৰদান কৰা হ’ব, পৰৱৰ্তী পাঁচখন সংক্ষিপ্ত তালিকাভুক্ত কিতাপৰ লেখক আৰু অনুবাদকসকলে ক্ৰমান্বয়ে ৩.০০ লাখ টকা আৰু ২.০০ লাখ টকা লাভ কৰিব।
পাঁচ জনীয়া বঁটা জুৰীৰ অধ্যক্ষতা কৰে প্ৰখ্যাত লেখিকা আৰু বুকাৰ বঁটা বিজয়ী গীতাঞ্জলি শ্ৰীয়ে। বেংক অফ বৰোদাৰ জোনেল হেড এণ্ড জেনেৰেল মেনেজাৰ শ্ৰীসোনম শ্বেৰিং ভূটিয়াই কয়, “বেংক অফ বৰোদা ৰাষ্ট্ৰভাষা সন্মান’ বঁটা দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাশালী ভাৰতীয় লেখকসকলৰ বাবে এক ৰাষ্ট্ৰীয় মঞ্চ আৰু এই পদক্ষেপে ভাৰতীয় ভাষা সাহিত্যক আৰু অধিক উৎসাহিত কৰাৰ লগতে সাহিত্যিক অনুবাদক উৎসাহিত কৰিব।”
