সিংঘু সীমান্তত পুনৰ আন্দোলনকাৰী কৃষকৰ আত্মহত্যা

147

ডিজিটেল ডেস্কঃ দিল্লী সীমান্তত পুনৰ আত্মঘাতী কৃষক! সিংঘু সীমান্তৰ ওচৰত এডাল গছত চিপ লৈ থকা অৱস্থাত এজন আন্দোলনকাৰী কৃষকৰ মৃতদেহ উদ্ধাৰ হয় বুধবাৰে পুৱা। তাৰ পিছতে সিংঘু সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কৃষকজনে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে আন আন্দোলনকাৰী কৃষকসকলে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃতব্যক্তিজনক গুৰপ্ৰীত সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁ পঞ্জাৱৰ ফতেহগড় চাহিব জিলাৰ বাসিন্দা। কুণ্ডলী আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই সদৰী কৰা মতে প্ৰাথমিক অনুসন্ধানত এয়া আত্মহননৰ ঘটনা বুলি নিশ্চিত কৰা হৈছে। কিন্তু তেওঁ কিয় আত্মহত্যা কৰিছিল সেয়া স্পষ্ট নহয়। খবৰ অনুসৰি তেওঁ মানসিকভাৱে হতাশাগ্ৰস্ত আছিল। তেওঁ সেই হতাশাৰ পৰা আত্মহত্যা কৰিছিল বুলি বিশ্বাস কৰা হয়। ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে চনিপতৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

গুৰপ্ৰীত সিং সিংঘু সীমান্তত কৃষক আন্দোলনত জড়িত আছিল বুলি জানিব পৰা গৈছে। তেওঁ যোৱা ৫-৬ মাহ ধৰি আন্দোলনত উপস্থিত আছিল। কুণ্ডলী আৰক্ষী থানাৰ তদন্তকাৰী বিষয়া প্ৰদীপ কুমাৰে কয় যে দীৰ্ঘদিন ধৰি চলি থকা আন্দোলনৰ পিছতো কোনো সমাধানৰ অভাৱত হতাশাগ্ৰস্ত হৈ গুৰপ্ৰীত সিঙে মঙলবাৰে নিশা আত্মহত্যা কৰিব পাৰে। আনহাতে, সিংঘু সীমান্তত আন্দোলন কৰি থকা কৃষকসকলে ৩ টা সন্তানৰ পিতৃ গুৰপ্ৰীত সিঙৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে ১০ লাখ টকা আৰু এটা শিশুৰ বাবে চৰকাৰী চাকৰি দাবী কৰিছে।