আকাশপথৰ যাত্ৰাত চিৰদিনৰ বাবে হেৰাই যোৱা ৰাজনীতিবিদসকলৰ কৰুণ ইতিহাস এতিয়া পুনৰ এবাৰ চৰ্চিত হৈছে দেশজুৰি। আকাশত মেঘৰ সৈতে কৰা যাত্ৰাই বাৰে বাৰে ভাৰতীয় ৰাজনীতিৰ আকাশৰ পৰা খহাই আনিছে একো একোটা উজ্জ্বল নক্ষত্ৰ। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ শেহতীয়া বিমান দুৰ্ঘটনাই দেশবাসীকে স্তব্ধ কৰি তোলাৰ লগতে পূৰ্বৰ এনে কেইবাটাও মৰ্মান্তিক দুৰ্ঘটনাৰ স্মৃতি পুনৰ সজীৱ কৰি তুলিছে।
বুধবাৰে পুৱা পুনেৰ বাৰামতিত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত এন চি পিৰ মুৰব্বীগৰাকীসহ মুঠ পাঁচজন লোকে প্ৰাণ হেৰুৱায়। এই শোকাবহ খবৰে এতিয়া দেশৰ ইতিহাসত আকাশীপথৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৰাজনীতিবিদসকলৰ তালিকাখন দীঘলীয়া কৰিছে। বিগত সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা কেইটামান উল্লেখযোগ্য বিমান দুৰ্ঘটনা আৰু মৃত্যু হোৱা নেতাসকল হ’ল-
বিজয় ৰূপানি (২০২৫): ২০১৬ চনৰ পৰা ২০২১ চনলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় ৰূপানিৰ যোৱা বছৰ ১২ জুনত এক বিমান দুৰ্ঘটনাত মৃত্যু হয়। আহমেদাবাদৰ বিমানবন্দৰৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমানখন টেক-অফৰ পাছতেই ভাঙি পৰে।
দোৰজি খাণ্ডু (২০১১): অৰুণাচল প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী দোৰজি খাণ্ডুৱে ২০১১ চনৰ ৩০ এপ্ৰিলত প্ৰাণ হেৰুৱায়। তাৱাঙৰ পৰা ইটানগৰলৈ গৈ থকা অৱস্থাত পশ্চিম কামেং জিলাত তেওঁৰ পৱন হংস হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয়।
ৱাই এছ ৰাজাশেখৰ ৰেড্ডী (২০০৯): অন্ধ্ৰপ্ৰদেশৰ অত্যন্ত জনপ্ৰিয় মুখ্যমন্ত্ৰী ৱাই এছ ৰাজাশেখৰ ৰেড্ডীৰ ২০০৯ চনৰ ২ ছেপ্টেম্বৰত এক হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়। হায়দৰাবাদৰ পৰা চিত্তুৰলৈ যোৱাৰ পথত তেওঁৰ হেলিকপ্টাৰখন নাল্লামালা বনাঞ্চলত ভাঙি পৰে।
মাধৱৰাও সিন্ধিয়া (২০০১): কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছৰ বলিষ্ঠ নেতা মাধৱৰাও সিন্ধিয়াৰ ২০০১ চনৰ ৩০ ছেপ্টেম্বৰত মৃত্যু হয়। দিল্লীৰ পৰা কানপুৰলৈ গৈ থকা অৱস্থাত উত্তৰ প্ৰদেশৰ মইনপুৰীত তেওঁৰ বিমানখনৰ ইঞ্জিন বিকল হৈ দুৰ্ঘটনাত পতিত হয়।
সঞ্জয় গান্ধী (১৯৮০): প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ তথা যুৱ নেতা সঞ্জয় গান্ধীৰ ১৯৮০ চনৰ ২৩ জুনত মৃত্যু হয়। ৩৩ বছৰ বয়সতে নিজেই বিমান চলাই থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত খুন্দা মৰাৰ ফলত এই শোকাৱহ ঘটনাটো ঘটে।
