আকৌ আহিল মন উতনুৱা কৰা দুষ্ট ফাগুন।বুকুত হাজাৰ শিহৰণ জগাই আহিল মন-প্ৰাণ চঞ্চল কৰা ফাগুন ৷ মৃতপ্ৰায় অৱস্থাৰ পৰা পুনৰুজ্জীৱিত হোৱাৰ দিশত গতি কৰা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰকৃতিয়ে মেলি দিছে ৰঙা ফুলৰ নৈসৰ্গিক পৰিৱেশ ।

যেনিয়ে চায় কেৱল ৰঙা আৰু ৰঙা।কিয়নো এয়া যে ফাগুনৰ বতৰ।বননিত সৰাপাতৰ জুনুকা বাজি থকাৰ সময়তেই ধূলিয়ৰী বাটেৰে আহিছে ফাগুন ৷

ধূলিময় পৰিৱেশতো ফাগুন অহাৰ বাটত ৰঙা দলিছা পাৰি দিছে শিমলুৱে ৷
উল্লেখযোগ্য যে এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত লাওখোৱা, বঢ়াচাপৰি অভয়াৰণ্যই পুনৰ ঠন ধৰি উঠাৰ সময়তেই যেন হাত উজান দিছে প্ৰকৃতিয়েও ।

অভয়াৰণ্য দুখনৰ এক বিনন্দীয়া পৰিৱেশে হাত বাউলি মাতিছে হাজাৰ হাজাৰ পৰ্যটকক ।এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত লাওখোৱা, বঢ়াচাপৰি অভয়াৰণ্যই পুনৰ ঠন ধৰি উঠাৰ সময়তেই যেন হাত উজান দিছে প্ৰকৃতিয়েও । অভয়াৰণ্য দুখনৰ এক বিনন্দীয়া পৰিৱেশে হাত বাউলি মাতিছে পৰ্যটকক ।

অভয়াৰণ্য দুখনৰ চৰাইৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ শিমলু উৎসৱৰ জড়িয়তেই শুভাৰম্ভ কৰে বিশেষ চাইক্লিঙৰ ব্যৱস্থাৰ ।

আগন্তুক এপ্ৰিললৈকে চলিবলগীয়া চাইক্লিঙৰে হাজাৰ হাজাৰ শিমলু গছত ফুলা ফুলৰ পৰিৱেশ উপভোগৰ লগতে পৰ্যটকে লাভ কৰিব চৰাইৰ দৃশ্য উপভোগৰ সুবিধা ।